গুৱাহাটী,১৮ জুলাই: ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ । পুনৰ অসম চৰকাৰৰ কেইবাটাও বিভাগত ওলাব চাকৰি । এইবাৰ ৩২ হাজাৰৰো অধিক পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন । 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ নিবনুৱা যুৱক-যুৱতীৰ বাবে আশাৰ বতৰা কঢ়িয়াই মুখ্যমন্ত্ৰী কাৰ্যালয়ে পুনৰ ঘোষণা কৰিছে 32 হাজাৰৰো অধিক চৰকাৰী চাকৰিৰ বাবে শীঘ্ৰে প্ৰকাশ পাব বিজ্ঞাপন ৷ মঙলবাৰে টুইটাৰৰ জৰিয়তে অসম চৰকাৰে অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত নতুনকৈ ৩২ হাজাৰৰো অধিক চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
মুখ্যমন্ত্ৰী কাৰ্যালয়ে টুইটাৰত সদৰি কৰা অনুসৰি ১০ ছেপ্টেম্বৰৰ ভিতৰত গৃহ বিভাগত ৪,০৯৭টা, স্বাস্থ্য বিভাগত ৫,১০৫টা, শিক্ষা বিভাগত ১০,২৯৯টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১,১৭৬টা, তৃতীয় বৰ্গত ৭,০৭৩টা, চতুৰ্থ বৰ্গত ৪,৯৩৯ টা সহ মুঠ ৩২,৬৮৯টা পদত বিজ্ঞাপন দিয়া হ'ব ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে পৰ্যায়ক্ৰমে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি আহিছে । এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ সম্পন্ন হ’লে এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যত উপনীত হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আনহাতে বিগত বৰ্ষত প্ৰায় 70-75 হাজাৰ নিবনুৱাক যুৱক-যুৱতীক মেধাৰ ভিত্তিত চাকৰি দিয়া বুলি মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷