অসম

assam

ETV Bharat / state

DGP Letter to Assam Police : নাৰীক উচিত সন্মান প্ৰদানৰ আহ্বানেৰে অসম আৰক্ষীলৈ পত্ৰ জিপি সিঙৰ - Assam Police

আমি এই পোছাকযোৰক উচিত সন্মান প্ৰদান কৰিলেহে ৰাইজৰো সন্মান আৰু বিশ্বাসযোগ্যতা বাঢ়িব । কথাৰে নহয় কামেৰেহে খাকী পোছাকৰ মৰ্যাদা ৰাখিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে এয়াই হৈছে আৰক্ষীৰ প্ৰধান কৰ্তব্য ।

DGP Letter to Assam Police
DGP Letter to Assam Police

By

Published : Jul 14, 2023, 1:09 PM IST

গুৱাহাটী, ১৪ জুলাই : "আৰক্ষীৰ খাকী পোছাকযোৰৰ এক বিশেষ মৰ্যাদা আছে । এই পোছাক পৰিধান কৰি আমি আৰক্ষীৰ লোকসকলে বিশেষ গৌৰৱ অনুভৱ কৰোঁ । এই পোছাকক আমি সন্মান কৰিব লাগিব ।" অসম আৰক্ষীলৈ এই আহ্বান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ ।

অসম আৰক্ষীলৈ কেতবোৰ বিশেষ বিষয়ৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে । উক্ত পত্ৰত আৰক্ষীৰ খাকী পোছাকযোৰৰ মান-মৰ্যাদা সন্দৰ্ভত উল্লেখ কৰি ইয়াৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাইছে জিপি সিঙে । তেওঁ কয়, "আমি এই পোছাকযোৰক উচিত সন্মান প্ৰদান কৰিলেহে ৰাইজৰো সন্মান আৰু বিশ্বসযোগ্যতা বাঢ়িব ।" কথাৰে নহয় কামেৰেহে খাকী পোছাকৰ মৰ্যাদা ৰাখিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে এয়াই হৈছে আৰক্ষীৰ প্ৰধান কৰ্তব্য । আনহাতে, খাকী পোছাকৰ মান-মৰ্যাদা লাঘৱ কৰিব পৰা কোনো কাৰককে প্ৰশ্ৰয় নিদিবলৈও তেওঁ আৰক্ষীক আহ্বান জনায় ।

অসমৰ ডিজিপিয়ে কনকলতা, জয়মতী, মূলাগাভৰুৰ প্ৰসংগ উল্লেখ কৰি অসম আৰক্ষীক নাৰী সমাজক উচিত সন্মান প্ৰদৰ্শন কৰিবলৈও আহ্বান জনায় । তেওঁ কয়, "অসমত নাৰী সমাজে সদায়ে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্ৰখনত উচ্চ স্থান আৰু মৰ্যাদা লাভ কৰি আহিছে । নাৰীৰ আদৰ্শ আৰু ত্যাগেৰে মহিমামণ্ডিত অসম ভূমিত নাৰীৰ ওপৰত যৌন আতিশয্যকে ধৰি যিকোনো অপৰাধ কোনো কাৰণতেই সমৰ্থনযোগ্য নহয় । সেয়ে আৰক্ষী থানাকে ধৰি যিকোনো কাৰ্যালয় আৰু প্ৰতিষ্ঠানত নাৰীক উপযুক্ত সন্মান আৰু মৰ্যাদা প্ৰদান কৰাটো আৰক্ষীয়ে নিশ্চিত কৰিব লাগিব ।"

এয়া সুনিশ্চিত কৰাটো আৰক্ষীৰ অন্যতম দায়িত্ব বুলি উল্লেখ কৰি জিপি সিঙে থানা বা আৰক্ষীৰ কাৰ্যালয়ত নাৰীৰ ওপৰত যিকোনো অশোভনীয় আচৰণ, যৌন অপৰাধ আদি কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে । লগতে শিশু আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ ক্ষেত্ৰতো একেই নীতি-আদৰ্শ পালন কৰিবলৈ আহ্বান জনায় ।

জিপি সিঙে আৰক্ষী থানা বা কাৰ্যালয়ক আৰক্ষী তথা সৰ্বাসাধাৰণৰ বাবে এক পৱিত্ৰ স্থান বুলি উল্লেখ কৰি ইয়াৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈও অসম আৰক্ষীৰ প্ৰতি আহ্বান জনায় । নিচাসক্ত অৱস্থাত কৰ্তব্যলৈ অহা বা উপঢৌকন গ্ৰহণ কৰা বিষয়তো আৰক্ষীক সকীয়নি প্ৰদান কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ।

অপৰাধ নিয়ন্ত্ৰণৰ কৰ্তব্যত নিয়োজিত আৰক্ষীয়ে অপৰাধক প্ৰশ্ৰয় দিয়া প্ৰসংগতো আৰক্ষীলৈ বিশেষ আহ্বান জনাইছে জিপি সিঙে । এই সন্দৰ্ভত তেওঁ কয়, "অপৰাধ নিয়ন্ত্ৰণৰ বাবে নিয়োজিত একাংশ আৰক্ষীয়ে অপৰাধক প্ৰশ্ৰয় দিয়াটোহে কেতিয়াবা কেতিয়াবা পৰিলক্ষিত হয় । বাটে-ঘাটে বা বিভিন্ন স্থানত ধন সংগ্ৰহ, সংগঠিত অপৰাধৰ দৰে কেতবোৰ কামত এচাম আৰক্ষী বিষয়াই কনিষ্ঠসকলক জড়িত কৰাই সমগ্ৰ আৰক্ষী বিভাগটোলৈ দুৰ্নাম কঢ়িয়াই আনিছে । এনেধৰণৰ বেআইনী কাৰ্যকলাপৰ অৱসান ঘটাব লাগিব ।"

পত্ৰখনত জিপি সিঙে লিখিছে যে গৌৰৱোজ্জ্বল অসম আৰক্ষীত সেৱা আগবঢ়াবলৈ সুযোগ পোৱাটো সৌভাগ্যৰ কথা । সেয়ে বিভিন্ন পৰ্যায়ত নেতৃত্বৰ দায়িত্ব লাভ কৰাসকলে অসম আৰক্ষীক বলিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰিব লাগিব । লগতে তেওঁ প্ৰতিশ্ৰুতি আগবঢ়াইছে, "অসম আৰক্ষীৰ মুৰব্বী হিচাপে আপোনালোকৰ প্ৰতিটো আইন সংগত, ভাল কাম আৰু সজ প্ৰচেষ্টাত মই সদায়ে আপোনালোকৰ কাষত থিয় দিম । লগতে সমাজবিৰোধী আৰু বিপথগামী কাৰ্যকলাপসমূহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈও মই দৃঢ় সংকল্পবদ্ধ ।"

উল্লেখ্য যে অসম আৰক্ষীৰ মুৰব্বী হিচাপে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে যোৱা ১ ফেব্ৰুৱাৰীত ভাস্কৰজ্যোতি মহন্তৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক :SI Junmoni Rabha Death Case: নগাঁও আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাক মাৰাথন জেৰা চিবিআইৰ

ABOUT THE AUTHOR

...view details