গুৱাহাটী, ৫ ডিচেম্বৰ :মঙলবাৰে পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে । পৰিদৰ্শনৰ সময়ত তেওঁ থানাখনৰ আন্তঃগাঁথনি, আৰক্ষীৰ অভাৱ-অভিযোগৰ বুজ লয় । পাণবজাৰ আৰক্ষী থানাত উপস্থিত হোৱাৰ পিছতেই প্ৰতিগৰাকী আৰক্ষী বিষয়াৰ লগত মত বিনিময় কৰি আৰক্ষীসকলৰ সমস্যা সন্দৰ্ভত বুজ লয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন কৰি জিপি সিঙে কয় যে বছেৰেকীয়া পৰিদৰ্শনৰ অংশ হিচাপে ৰাজ্যত থকা ৩৩৪ খন থানা পৰিদৰ্শন কৰিব শীৰ্ষ আৰক্ষী বিষয়াসকেল ।
এইক্ষেত্ৰত তেওঁৰ দায়িত্বত থকা ৬ খন থানাৰ ভিতৰত মঙলবাৰে পাণবজাৰ থানা পৰিদৰ্শন কৰে জি পি সিঙে । এই সময়ছোৱাত তেওঁ থানাখনৰ সমস্যাৰ বুজ লয় । পৰিদৰ্শনকালত তেওঁ থানাখনত স্থায়ীভাৱে আৰক্ষীসকল থকাৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰে । আনহাতে, পাণবজাৰ থানাত থকা পুৰণি জৰাজীৰ্ণ ভৱন ভাঙি আৰক্ষী থাকিব পৰাকৈ নতুনকৈ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।
ইফালে থানাত জব্দকৃত বাহনসমূহ আইনগতভাৱে স্থানান্তৰ কৰিবলৈ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিয়া বুলি জনায় । লগতে আৰক্ষীৰ সকলো অভাৱ-অভিযোগৰ কথা জানি সেয়া সমাধান কৰিবলৈ চেষ্টা কৰিব বুলিও মন্তব্য কৰে । উল্লেখ্য যে হাৱালা চক্ৰৰ ধন আত্মসাতৰ ঘটনাৰ লগত আৰক্ষী জড়িত থকাৰ প্ৰসংগত তেওঁ কয়, "দুৰ্নীতিগ্ৰস্ত কোনো আৰক্ষীক ৰেহাই দিয়া নহ'ব ।"