গুৱাহাটী, ১০ ডিচেম্বৰ : অসম আৰক্ষীৰ চিআইডি বিভাগৰ উদ্যোগত আৰু এন চি বিৰ সহযোগত শুকুৰবাৰৰে পৰা উলুবাৰীস্থিত অসম আৰক্ষীৰ মূখ্য কাৰ্যালয়ত দুদিনীয় কাৰ্যসূচীৰে Digital forensics Dark Net and crypto currencies বিষয়ৰ ওপৰত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে । এই প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত(DGP Bhaskar Jyoti Mahanta) উপস্থিত থাকি তেখেতৰ ভাষণত কয় যে, ম্যানমাৰে নিজকে অৰ্থনৈতিক ভাৱে শক্তিশালী কৰিবলৈ ড্ৰাগছ প্ৰস্তুত কৰি থকালৈকে ড্ৰাগছৰ বেহা চলিয়ে থাকিব ।
তেখেতে কলে, ইয়াক ইমান সহজে শেষ কৰিব পৰা নাযায় । দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহৰ ট্ৰাঞ্জিত পইণ্ট হৈছে গুৱাহাটী(Assam DGP terms Guwahti as transit point of drugs) । ম্যানমাৰ, লাউছ আৰু থাইলেণ্ড হৈছে ড্ৰাগছৰ গোল্ডেন ট্ৰায়েংগল । এই কেইখন দেশৰ সীমান্তৰে উত্তৰ পূৰ্বাঞ্চললৈ সৰবৰাহ হয় ড্ৰাগছ । সেই ট্ৰায়েংগল এতিয়া ডেথ ট্ৰায়েংগলত পৰিণত হৈছে । এই দেশৰ পৰা অহা উপিয়ামৰ পৰা ড্ৰাগছলৈ, দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় অসমৰ মাজেৰে ।
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে, ম্যানমাৰ পৰা মিজোৰাম হৈ অসমলৈ আহে ড্ৰাগছ(Drugs comes to Assam from Myanmar through Mizoram) । আনহাতে সৰবৰাহকাৰীয়ে ডিমাপুৰত মজুত কৰি ৰাখে বৃহৎ পৰিমাণৰ ড্ৰাগছ । অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে ইতিমধ্যে গঠন কৰিছে এটা শক্তিশালী দল(Assam has formed an anti drug team) ।