গুৱাহাটী, ২৬ জুলাই: প্ৰলয়ংকৰী বানে তচ-নচ কৰি যোৱা অসমত এতিয়া সৰ্বহাৰাৰ আৰ্তনাদ (Cry of proletariat in Assam devastated by devastating floods)। চৌদিশে এতিয়া মাথো ধ্বংসলীলা ৷ ৰাজ্যৰ শেহতীয়া প্ৰলয়ংকৰী বানে ৰাজ্যৰ অৰ্থনীতিত বেয়াকৈ আঘাত হানিছে । ৰাজ্যৰ ৩৩ খন জিলাত হোৱা অভাৱনীয় বানপানীয়ে ৫০ লক্ষাধিক লোকক সৰ্বস্বান্ত কৰাৰ সমান্তৰালকৈ ভাঙি তচনচ কৰিছে ৰাজ্যৰ আন্তঃগাঁঠনি । বিশেষকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানপানীৰ কোবাল সোঁতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ তথা দলং-কালভার্ট উটুৱাই নিয়াৰ ফলত এটা অঞ্চলৰ সৈতে আন এটা অঞ্চলৰ যোগাযোগ সম্পূর্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে । একেদৰে বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন সাধিছে ৰাজ্যৰ কৃষিক্ষেত্ৰৰ ।
যোগাযোগ ব্যৱস্থা আৰু কৃষি খণ্ডৰ এনে বিধ্বস্ত অৱস্থাই বিৰূপ প্ৰভাৱ পেলাইছে ৰাজ্যখনৰ অৰ্থনীতিত(communication systems and the agricultural sector) । ৰাজ্যিক লোকনিৰ্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ তথ্য অনুসৰি শেহতীয়া বানত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখনৰ ৪,৪৮০ কিলোমিটাৰ পথ । ইয়াৰে ৩,৭৫২ কিলোমিটাৰ ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ অধীনৰ পথ আৰু ৭২৮ কিলোমিটাৰ হ’ল ৰাষ্ট্ৰীয় ঘাইপথ । এই পথসমূহৰ একাংশ সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ পৰিছে। অর্থাৎ বানৰ কোবাল সোঁতে উটুৱাই নি অস্তিত্বহীন কৰিছে বহু পথ । আন একাংশ পথৰ অস্তিত্ব থাকিলেও ঠায়ে ঠায়ে বানে ভাঙি দিয়াৰ ফলত উক্ত পথেৰে যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে । ইফালে শেহতীয়া বানত ক্ষতিগ্ৰস্থ হৈছে ৰাজ্যৰ ৫১০ খন দলং। একেদৰে বানপানীয়ে ক্ষতিগ্ৰস্থ কৰিছে ১,১২৬ টা কালভার্ট ।
উল্লেখ্য যে, লোকনিৰ্মাণ বিভাগৰ অধীনৰ বাট-পথবোৰৰ উপৰি ক্ষতিগ্ৰস্থ হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈঘৰ্য হ’ল ৭২৮ কিলোমিটাৰ । ৰাজ্যিক ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ সামৰি বানত ক্ষতিগ্ৰস্থ হোৱা মুঠ পথৰ সংখ্যা হৈছে প্ৰায় তিনি হেজাৰ । লোক নিৰ্মাণ বিভাগৰ এক শীৰ্ষ সূত্ৰই জনোৱা অনুসৰি ক্ষতিগ্ৰস্থ পথসমূহৰ মেৰামতিৰ বাবে প্ৰায় ২,৫০০ কোটি টকাৰ প্ৰয়োজন হ'ব । লোকনির্মাণ বিভাগৰ অধীনৰ ৰাজ্যিক ঘাইপথ তথা দলং, কালভার্ট আদি মেৰামতিৰ বাবে ২,২০০ কোটি টকাৰ প্ৰয়োজন হোৱাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হ'ব প্ৰায় তিনিশ কোটি টকা । সংহাৰী বানে ধ্বংস কৰা ৰাস্তা-ঘাটৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ বিস্তৃত প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ লোকনিৰ্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰেৰণ কৰিছে।