অসম

assam

ETV Bharat / state

মুকাভিনয়ৰে পৰিৱেশ ৰক্ষাৰ প্ৰচেষ্টা সমাজ কল্যান বিভাগৰ - Guwahati

সমাজ কল্যান বিভাগৰ 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে জৈৱ বৈচিত্ৰক ৰক্ষা কৰিবলৈ ৰাইজলৈ আহ্বান কৰে মুকাভিনয়ৰ শিল্পী সকলে । পৰিৱেশ ৰক্ষাৰ্থে ৰাইজক সচেতন কৰাই এই অনুষ্ঠানটিৰ মূল লক্ষ্য ।

প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠান

By

Published : Jun 5, 2019, 11:30 PM IST


গুৱাহাটী, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয় ।অনুষ্ঠানত মুকাভিনয়ৰ শিল্পী মৃনাংক ডেকাৰ নেতৃত্বত প্ৰদৰ্শন কৰিলে বাটৰ নাট ।

প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠান

সমগ্ৰ বিশ্বজুৰি আজি পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস । অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ ৰাজ্যিক বাল ভৱনৰ অধ্যক্ষ কবিতা শৰ্মাৰ নেতৃত্বত শিক্ষাৰ্থী সকলে 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠানেৰে দ্বীপৰ বিলত মুকাভিনয় প্ৰদৰ্শন কৰে । এই মুকাভিনয়ৰ জৰিয়তে ৰাইজক পৰিৱেশ সুৰক্ষা কৰিবলৈ আৰু প্ৰাকৃতিক সৌন্দৰ্যক বিনস্ত নকৰিবলৈ আহ্বান জনায় । দ্বীপৰ বিলৰ উপৰিও মহানগৰীৰ মালিগাঁও, দীঘলীপুখুৰী আৰু চান্দমাৰিত মুকাভিনয়ৰ অনুষ্ঠান প্ৰদৰ্শন কৰি আহিছে । উল্লেখ্যযোগ্য যে ইতি পূৰ্বে মৃনাংক ডেকাৰ উদ্যোগতেই 'চৰাই যাক নহা হল', 'মিছন চাৱ দ্বীপৰ বিল ' আদি কাৰ্য্যসূচী সফলভাবে অনুষ্ঠিত কৰি গৈছে ।

প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে ৰাজ্যজুৰি পালন বিশ্ব পৰিৱেশ দিৱস

ABOUT THE AUTHOR

...view details