অসম

assam

ETV Bharat / state

কামাখ্যা ধামত উদ্ধাৰ মুণ্ডহীন মৃতদেহঃ হত্যাকাণ্ড নে নৰবলি !! - KamaKhya

মা-কামাখ্যাক সন্তুস্ত কৰিবলৈ এয়া বলি বিধানৰ ঘটনা বুলি সন্দেহ কৰিছে একাংশ ৰাইজে । এই ঘটনাক লৈ আৰক্ষীয়ে ৰাইজক ভিত্তিগ্ৰস্থ নহ'বলৈ আহ্বান জনাইছে ।

কামাখ্যা ধামত উদ্ধাৰ এটা মুণ্ডহীন মৃতদেহ

By

Published : Jun 19, 2019, 10:05 PM IST

গুৱাহাটী, ১৯ জুনঃ গুৱাহাটীৰ মা-কামাখ্যা ধামত উদ্ধাৰ হ'ল এটা মুণ্ডহীন মৃতদেহ । জয় দুৰ্গা মন্দিৰৰ চিৰিত উদ্ধাৰ হৈছে মৃতদেহটো ।

কামাখ্যা ধামত উদ্ধাৰ এটা মুণ্ডহীন মৃতদেহ

অম্বুবাচীৰ মেলা প্ৰাকক্ষনত জয় দুৰ্গা মন্দিৰৰ চিৰিত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ । মৃতদেহৰ কাষতে যথেষ্ট পূজাৰ সামগ্ৰী উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আয়ুক্ত দীপক কুমাৰ,লগতে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ নেতৃত্বত সন্দৰ্ভত স্নিফাৰ ডগেৰে অব্যাহত ৰাখিছে তদন্ত ।

মা-কামাখ্যাক সন্তুস্ত কৰিবলৈ এয়া বলি বিধানৰ ঘটনা হোৱা বুলি সন্দেহ কৰিছে একাংশ ৰাইজে । এই ঘটনাক লৈ আৰক্ষীয়ে ৰাইজক ভিত্তিগ্ৰস্থ নহ'বলৈ আহ্বান জনাইছে । মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সঠিক তথ্যটো পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জনাইছে ।

লগতে আন এটা বাতৰি- অসমত চলি আছে দাস প্ৰথা!

ABOUT THE AUTHOR

...view details