অসম

assam

ETV Bharat / state

বিশ্ব বাঁহ দিৱসঃ চাইকেল ব্ৰেণ্ড আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

আগশাৰীৰ ব্ৰেণ্ড আই টি চি আৰু চাইকেল ব্ৰেণ্ডৰ সৈতে ৰাজ্য চৰকাৰৰ এক বুজাবুজিৰ চুক্তি ৷ চুক্তি অনুসৰি,উৎপাদিত ধূপৰ কাঠিসমূহ অসমৰ বাঁহেৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Assam: Cycle Pure team up with state govt for Bamboo in Agarbathi project
চাইকেল ব্ৰেণ্ড আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি

By

Published : Sep 18, 2020, 5:03 PM IST

গুৱাহাটী, 18 চেপ্তেম্বৰ :আপোনাৰ ঘৰৰ পাছফালে থকা বাঁহজোপা এনেই নষ্ট নকৰিব কিয়নো এতিয়াৰ পৰা এলাগী বুলি ভবা বাঁহজোপা ৰূপান্তৰিত হ'ব সেউজীয়া সোণলৈ ৷ শুকুৰবাৰে আগশাৰীৰব্ৰেণ্ড আই টি চি আৰু চাইকেল ব্ৰেণ্ডৰ সৈতে ৰাজ্য চৰকাৰৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । যত সমগ্ৰ দেশৰ ধূপকাঠিৰ বজাৰখন আগশাৰীৰ কোম্পানী আই টি চি তথা চাইকেল ব্ৰেণ্ডে তেওঁলোকৰ দ্বাৰা উৎপাদিত ধূপৰ কাঠিসমূহ অসমৰ বাঁহেৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

চাইকেল ব্ৰেণ্ড আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি

শুকুৰবাৰে এই কথা প্ৰকাশ কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত বাঁহৰ তিনি ভাগৰ দুভাগেই উৎপাদিত হয় উত্তৰ-পূৰ্বাঞ্চলত । বিশ্ব বাঁহ দিৱসৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী পাটোৱাৰীৰ উপস্থিতিত উক্ত দুয়োটা বৃহৎ কোম্পানী আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এই বুজাবুজিৰ চুক্তি ।

আনহাতে, অসমৰ কাছাৰ কাগজ কল আৰু জাগীৰোডৰ নগাঁও কাগজ কল দুটা বন্ধ হোৱা প্ৰসংগত মন্তব্য কৰি উদ্যোগ মন্ত্ৰী পাটোৱাৰীয়ে কয় যে, ৰাজ্য চৰকাৰে এমাহ সময় বিচাৰি ইতিমধ্যে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰণালয়লৈ এক পত্ৰ প্ৰেৰণ কৰিছে । কিন্তু এন পি চিৰ ভুলৰ বাবেই কাগজ কল দুটা মৃত্যুৰ মুখলৈ গতি কৰিবলগীয়া হ'ল বুলি মন্তব্য কৰে ।

চাইকেল ব্ৰেণ্ড আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি

লগতে পঢ়ক :গোৰ্খালেণ্ডৰ দাবীৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ !

ABOUT THE AUTHOR

...view details