অসম

assam

ETV Bharat / state

Cricketer Uma Chetry: ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ; ভাৰতীয় জাতীয় দলত স্থান লাভ ক্ৰিকেটাৰ উমা চেত্ৰীৰ

ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ ক্ৰিকেটাৰ উমা চেত্ৰীৰ ৷ আগন্তুক বাংলাদেশ ভ্ৰমণৰ বাবে ক্ৰিকেটাৰ উমা চেত্ৰীক টি-২০ আৰু এদিনীয়া দুয়োটা শৃংখলাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷

By

Published : Jul 3, 2023, 9:49 AM IST

Uma Chetry Selected in Indian Cricket Team
ভৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ উমা চেত্ৰীৰ

স্পৰ্টচ ডেস্ক, 3 জুলাই:ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ ৷ ভৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ক্ৰিকেটাৰ উমা চেত্ৰীয়ে ৷ ভাৰতীয় জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হৈছে উমা চেত্ৰী ৷

আগন্তুক বাংলাদেশ ভ্ৰমণৰ বাবে ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে উমা চেত্ৰীয়ে ৷ দলটোৰ নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে ৷ দলটোৱে বাংলাদেশৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু সমান সংখ্যক এদিনীয়া খেল খেলিব ৷ এই দুয়োটা শৃংখলাত বেটাৰ আৰু উইকেটকীপাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব উমা চেত্ৰীয়ে ৷

উমা চেত্ৰীয়ে শেহতীয়াকৈ হংকংত অনুষ্ঠিত এচিচি উদীয়মান মহিলা এছিয়া কাপ ২০২৩ ত ভাৰত এ দলত অংশগ্ৰহণ কৰিছিল ৷ এই ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে খেলা দুখন খেলতেই উমাই বেটাৰ আৰু উইকেট-কীপাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

বাংলাদেশ ভ্ৰমণৰ ভাৰতৰ টি-২০ দল:

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহঃ অধিনায়ক), দীপ্তি শৰ্মা, শ্বাফালী বাৰ্মা, জেমিমা ৰড্ৰিগছ, যস্তিকা ভাটিয়া (উইকেটকীপাৰ), হৰলীন দেউল, দেৱিকা বৈদ্য, উমা চেত্ৰী (উইকেটকীপাৰ), আমানজোত কৌৰ, এছ. মেঘানা, পূজা বস্ত্ৰকাৰ, মেঘনা সিং, অঞ্জলি সৰ্বানী, মনিকা পেটেল, ৰাশি কানোজিয়া, অনুষা ৰেড্ডী, মিন্নু মণি ৷

এদিনীয়া শৃংখলাৰ দলটো:

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহঃঅধিনায়ক), দীপ্তি শৰ্মা, শেফালী বাৰ্মা, জেমিমা ৰড্ৰিগছ, যস্তিকা ভাটিয়া (উইকেট কীপাৰ), হৰলীন দেওল, দেৱিকা বৈদ্য, উমা চেত্ৰী (উইকেট কীপাৰ), অমনজোত কৌৰ, প্ৰিয়া পুনিয়া, পূজা বস্ত্ৰকাৰ, মেঘনা সিং, অঞ্জলি সৰ্বানী, মনিকা পেটেল, ৰাশি কানোজিয়া, অনুষা ৰেড্ডী আৰু স্নেহ ৰাণা ৷

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইয়ে দেওবাৰ বাংলাদেশ ভ্ৰমণৰ বাবে ৰাওনা হ’বলগীয়া ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈৰ তালিকা ঘোষণা কৰে ৷ বাংলাদেশৰ মিৰপুৰৰ শ্বেৰ-ই-বাংলা ক্ৰিকেট ষ্টেডিয়ামত (এছবিএনচিএছ) ৯ জুলাইৰ পৰা অনুষ্ঠিত হ'ব টি-২০ আৰু এদিনীয়া শৃংখলা ।

লগতে পঢ়ক:Capped Langur at Kaziranga: টুপীমূৰীয়া বান্দৰে দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ

ABOUT THE AUTHOR

...view details