গুৱাহাটী, 8 ফেব্ৰুৱাৰী : ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে কৰ সংগ্ৰহৰ পৰিমাণ ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰপৰা সংগ্ৰহ কৰিছে অভিলেখ পৰিমাণৰ প্রত্যক্ষ কৰ । ইয়াৰ পাচতো ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰখনৰ ওচৰত ঋণ লোৱা পৰিলক্ষিত হৈছে ৷ আনহাতে অসমত পৰোক্ষ কৰ জি এছ টি সংগ্ৰহৰ পৰিমাণ পূৰ্বতকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে (Assam create record in Tax collection) । এটা সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা এহেজাৰ দুহেজাৰ কোটি টকাহে প্রত্যক্ষ কৰ সংগ্ৰহ কৰিছিল, কিন্তু শেহতীয়াকৈ অসমৰপৰা প্ৰায় ৬০০০ কোটি টকা প্রত্যক্ষ কৰ কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে ।
ৰাজ্য চৰকাৰে ২০২২ চনত পৰিবহন আইন ভংগ কৰাসকলৰ পৰাই সংগ্ৰহ কৰিছিল অভিলেখ সংখ্যক ৭৫ কোটি টকাৰ প্ৰত্যক্ষ কৰ । অসমৰ পৰা ২০২২ চনৰ ডিচেম্বৰ মাহত ১১৫০ কোটি টকাৰ জি এছ টি সংগ্রহ কৰা হৈছিল । ২০২১ চনৰ ডিচেম্বৰ মাহত ১০১৫ কোটি টকাহে চৰকাৰে জি এছ টি সংগ্ৰহ কৰিছিল । সম্প্রতি বছৰি চৰকাৰক পৰোক্ষ কৰ জি এছ টি গড়ে ১২-১৪ হাজাৰ কোটি টকা আদায় দি আছে । কিন্তু ইয়াৰ পিছতো ৰাজ্যত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰে যোৱা দুদিনত দহ বছৰীয়া বণ্ড জাৰিৰ যোগেদি চৰকাৰে পুনৰ ৮০০ কোটি টকাৰ ঋণ লৈছে ।
ইয়াকে ধৰি চলিত ২০২২-২৩ বিত্তীয় বছৰটোত বৰ্তমানলৈকে ১৮ হেজাৰ কোটি টকাৰ ঋণ লোৱা হ’ল বুলি তথ্যযোগে পোহৰলৈ আহিছে (Assam govt in debt) । বিত্ত বিভাগৰ তথ্য অনুসৰি এই বছৰৰ ৭ ফেব্ৰুৱাৰী, ৩১ জানুৱাৰী, ২৭ জানুৱাৰী আৰু ২৪ জানুৱাৰীত ৮০০ কোটি টকাকৈ মুঠ ৩২০০ কোটি টকাৰ ঋণ লোৱা হৈছে । যোৱা বছৰৰ ১৩ ডিচেম্বৰ, ২৯ নৱেম্বৰ, ১৫ নৱেম্বৰ, ১ নৱেম্বৰ, ২৫ অক্টোবৰ, ১১ অক্টোবৰ, ২০ ছেপ্টেম্বৰ, ৬ ছেপ্টেম্বৰ, ২৩ আগষ্ট, ৮ আগষ্ট আৰু ২ আগষ্টত ৮০০ কোটি টকাকৈ ঋণ লোৱা হৈছে । তাৰ আগেয়ে ১৯ জুলাই, ৫ জুলাই, ২৮ জুন আৰু ২১ জুনত এহেজাৰ কোটি টকাকৈ ঋণ লোৱা হৈছিল ।
এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বিত্তীয় বছৰটোৰ বাকী থকা সময়খিনিত আৰু কমেও পাঁচ হেজাৰ কোটি টকা ঋণ লোৱাৰ সম্ভাৱনা আছে ৰাজ্য চৰকাৰখনে । মন কৰিবলগীয়া যে, পৰিবহন আইন উলংঘা কৰাৰ অভিযোগত যান-বাহনক জৰিমনা বিহি চলিত বিত্তীয় বছৰটোৰ ৯ মাহতে প্রায় ৭৫.৪৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে । পৰিবহন বিভাগৰ এটা সূত্ৰই এই কথা জানিবলৈ দি কয় যে যোৱা এপ্রিল মাহৰপৰা ডিচেম্বৰ মাহলৈকে বৃহৎ পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে । বিত্তীয় বছৰটোৰ বাকী থকা সময়খিনিত এই পৰিমাণ বৃদ্ধি হৈ কমেও এশকোটি হ’ব বুলি আশা কৰা হৈছে ।