অসম

assam

ETV Bharat / state

CPIM Press Meet: জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ন্য়ায়াধীশৰ জৰিয়তে কৰোৱাৰ দাবী চিপিআই এমৰ - Assam Direct Recruitment

SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিক্ৰিয়া (SI Junmoni Rabha news) ৷ জোনমণি ৰাভাৰ মৃত্যু আৰু ৰাজ্যত চলি থকা দুৰ্নীতিৰ কথা উল্লেখ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল চিপিআইএম ৷

CPIM Press Meet:
CPIM Press Meet:

By

Published : May 24, 2023, 9:17 PM IST

ড৹ শৰ্মা চৰকাৰক কঠোৰ সমালোচনা চিপিআইএমৰ

গুৱাহাটী, 24 মে’: ‘‘ৰাজ্যত আইন-শৃংখলা ৰক্ষা আৰু আইনৰ শাসন নিশ্চিত কৰাত ভয়ানক ব্যৰ্থতাই উদ্বিগ্নতাৰ সৃষ্টি কৰিছে ৷’’ এছ আই জোনমণি ৰাভাৰ মৃত্যুক (SI Junmoni Rabha death case) কেন্দ্ৰ কৰি উত্থাপিত হোৱা নানা প্ৰশ্ন আৰু উন্মোচিত হোৱা বিভিন্ন অপৰাধবোৰে ৰাজ্যখন অপৰাধ আৰু দুৰ্নীতি কিমান শিপাইছে সেই কথা উল্লেখ কৰি এনেদৰে মন্তব্য কৰে চি পি আই (এম)ৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে (Suprakash Talukdar) ৷

বুধবাৰে দলৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সুপ্ৰকাশ তালুকদাৰে কয়, ‘‘দুৰ্নীতিৰ প্ৰতি ‘শূন্য সহনশীলতা’ৰ শ্লোগান দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত নকল সোণৰ ব্যৱসায় কিদৰে ৰমৰমীয়া হৈ পৰিছে সেই কথা জোনমণি ৰাভাৰ মৃত্যুৰ আনুষংগিক চৰ্চাৰ মাজেৰে পোহৰলৈ আহিছে ৷ মন্ত্ৰী-উচ্চপদস্থ আমোলাৰ পৃষ্ঠপোষকতা অবিহনে এনে অপৰাধ আৰু ঠগবাজী যে সম্ভৱ নহয় সেইকথা বুজিবলৈ অকণো অসুবিধা নহয় (Assam CPIM slams BJP) ৷’’

চৰকাৰী পৃষ্ঠপোষকতাত ৰাজ্যত এইসমূহ দুৰ্নীতি সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰি তেওঁ সমগ্ৰ ঘটনা উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত অথবা প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধনাত তদন্ত কৰাৰ দাবী উত্থাপন কৰে ৷ লগতে তেওঁ কয়, ‘‘গণতান্ত্ৰিক অধিকাৰসমূহ নিশ্চিত কৰাৰ সলনি একপ্ৰকাৰৰ পুলিচৰাজ স্থাপনৰ প্ৰচেষ্টাৰ পৰিণতিতে পুলিচী আতিশয্য তথা বিভাগটোত দুর্নীতি আৰু অপৰাধ উদ্বেগজনকভাৱে বাঢ়িছে (Illegal activities in Assam) ৷’’

এনকাউণ্টাৰৰ নামত বিনা বিচাৰে অভিযুক্তক হত্যা আৰু গণতান্ত্ৰিক প্ৰতিবাদ তথা মত প্ৰকাশৰ অধিকাৰক জোৰেৰে দমন কৰা আদিৰ মাজেৰে বিজেপি চৰকাৰৰ স্বৈৰতান্ত্ৰিক চৰিত্ৰ উদং হৈ পৰিছে বুলিও চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

শৃংখল চলিহাক NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভতো সৰৱ হয় CPIM(M)ৰ নেতাগৰাকী ৷ মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1লাখ নিবনুৱা নিযুক্তি দিয়াৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, ‘‘এতিয়া 51 হাজাৰক নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰথমে ঘোষণা কৰিলে ৷ কিন্তু শেহতীয়াভাৱে প্ৰায় 44,700 নিযুক্তিহে দিয়া হ’ব বুলি সদৰী কৰিছে (Assam Direct Recruitment) ৷’’

জনসাধাৰণে সন্মুখীন হোৱা জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত চিপিআই(এম)য়ে মে’ মাহ জুৰি জনসংযোগ অভিযান সংগঠিত কৰিছে বুলিও তেওঁ উল্লেখ কৰে ৷ উল্লেখ্য যে, এই সময়ছোৱাত দলৰ প্ৰতিটো শাখা কমিটিয়ে কমেও এশ পৰিয়ালৰ ওচৰলৈ গৈ অৱস্থাৰ বুজ ল’ব আৰু দলৰ দাবী চনদ প্ৰচাৰ কৰিব ৷ এই দাবী চনদৰ ভিত্তিত জুন মাহৰ 15 তাৰিখলৈকে সকলো জিলাত সভা-সমদল, বিক্ষোভ প্ৰদর্শন সংগঠিত কৰা হ’ব বুলি দলটোৰ তৰফৰ পাৰ জনোৱা হয় ৷

লগতে পঢ়ক:Assam Meghalaya border issue: সীমা বিবাদকলৈ কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details