অসম

assam

ETV Bharat / state

ক'ভিড-19 : প্ৰশাসন আৰু আৰক্ষীৰ দুই শীৰ্ষ বিষয়াৰ সংবাদমেল - ক'ভিড-19

কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে কেতবোৰ নীতি-নিৰ্দেশনা । পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৩০ এপ্ৰিললৈ কাৰ্যকৰী হ'ব এই নিৰ্দেশনা । নতুন গাইডলাইন অনুসৰি ফাৰ্মাচীক বাদ দি দৈনিক সন্ধিয়া ৬ বজাৰ পৰা সকলো ধৰণৰ বজাৰ, দোকান-পোহাৰ, শ্বপিং মল তথা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ থাকিব ।

assam covid19 update
ক'ভিড-19 : প্ৰশাসন আৰু আৰক্ষীৰ দুই শীৰ্ষ বিষয়াৰ সংবাদমেল

By

Published : Apr 20, 2021, 10:14 PM IST

গুৱাহাটী,২০ এপ্ৰিল: ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ । কৰ’ণাৰ দ্বিতীয় ঢৌৱে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো দ্ৰুত গতিত প্ৰভাৱ বিস্তাৰ কৰিছে। কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে কেতবোৰ নীতি-নিৰ্দেশনা । পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৩০ এপ্ৰিললৈ কাৰ্যকৰী হ'ব এই নিৰ্দেশনা ।

ক'ভিড-19 : প্ৰশাসন আৰু আৰক্ষীৰ দুই শীৰ্ষ বিষয়াৰ সংবাদমেল

মঙলবাৰে দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ ত্রিপাঠিয়ে এখন সংবাদমেলত সম্বোধন কৰি নতুন গাইডলাইন সন্দৰ্ভত সবিশেষ উল্লেখ কৰে ।

আজিৰে পৰা কাৰ্যকৰী হোৱা নতুন গাইডলাইন অনুসৰি ফাৰ্মাচীক বাদ দি দৈনিক সন্ধিয়া ৬ বজাৰ পৰা সকলো ধৰণৰ বজাৰ, দোকান-পোহাৰ, শ্বপিং মল তথা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ থাকিব ।

ক'ভিড-19 : প্ৰশাসন আৰু আৰক্ষীৰ দুই শীৰ্ষ বিষয়াৰ সংবাদমেল

মানুহৰ সমাগম সন্দৰ্ভত-

১. জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে মুকলি ঠাইত অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব । বিশেষকৈ মাস্ক পৰিধান কৰা, হাত চেনিটাইজেচন কৰাৰ লগতে ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক । অনুষ্ঠানসমূহত ঠাইৰ আয়তনৰ তুলনাত ৫০ শতাংশ মানুহে গোট খাব পাৰিব । আনহাতে ৪০০ৰ বেছি হ'ব নোৱাৰিব ।
২. যিকোনো সমাগমত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব ।
৩. বিবাহ অনুষ্ঠানকে আদি কৰি ব্যক্তিগত অনুষ্ঠান সমূহত সৰ্বাধিক ১০০ জন লোকহে উপস্থিত থাকিব পাৰিব ।
৪. মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া পৰ্বত ২০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ।
৫. ধৰ্মীয় অনুষ্ঠান তথা উপাসনাস্থলীত এটা সময়ত কেৱল মাত্ৰ ২০জন লোকহে উপস্থিত থাকিব পাৰিব ।
৬. চুপাৰ মাৰ্কেট, সাপ্তাহিক বজাৰ আদি সকলো বাণিজ্যক ঠাইসমূহ সন্ধিয়া ৬ বজাত বন্ধ কৰাটো বাধ্যতামূলক ।

কৰ্মস্থলী(চৰকাৰী আৰু বেচৰকাৰী) সন্দৰ্ভত-

১. ভাৰ্চুৱেল আৰু গৃহৰ পৰাই কাম কৰিব পাৰিলে ভাল ।
২. বিষয়া সকলকৰ বাহিৰে কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব ।
৩. গৰ্ভৱতী মহিলা আৰু ৫ বছৰৰ তলৰ সন্তান থকা মহিলাসকলে কাৰ্যালয়ত অহাৰ বিপৰীতে ঘৰৰ পৰাই কাম কৰিব পাৰিব ।
৪. কৰ্মস্থলীত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক । লগতে দুপৰীয়া আহাৰ গ্ৰহণৰ সময়তো সামাজিক দূৰত্ব মানি চলিব লাগিব ।
৫. চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়ৰ প্ৰৱেশ আৰু প্ৰস্থানৰ দ্বাৰত থাৰ্মেল স্কেনাৰ, হাত চেনিটাইজেশ্যন কৰা আদিৰ সুবিধা সমূহ উপলব্ধ থাকিব লাগিব ।
৬. কাৰ্যালয় সমূহ সঘনাই চেনিটাইজেশ্যন কৰিব লাগিব ।

ক'ভিড-19 : প্ৰশাসন আৰু আৰক্ষীৰ দুই শীৰ্ষ বিষয়াৰ সংবাদমেল

শিক্ষানুষ্ঠান সন্দৰ্ভত(চৰকাৰী-বেচৰকাৰী)-

১. চৰকাৰী-বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিয়ে ভাৰ্চুৱেল বিকল্প প্ৰদান কৰিব ।
২. শিক্ষানুষ্ঠান সমূহত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান চলিব ।
৩. পাঠদানৰ সময়সূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব ।
৪. শিক্ষানুষ্ঠানত প্ৰাতঃসভা অনুষ্ঠিত কৰিব নোৱাৰিব ।
৫. প্ৰাথমিক শ্ৰেণী সমূহৰ পাঠদানৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থা গ্ৰহণত অগ্ৰাধিকাৰ দিব লাগিব ।
৬. শিক্ষা বিভাগে কৰ'ণাকালীন পৰিস্থিতি মাজৰে পাঠদান কৰা ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিব ।

যাতায়ত সন্দৰ্ভত-

১. ৰাজহুৱা পৰিবহন ব্যৱস্থাত যাত্রী বহাৰ ক্ষেত্রত ক'ভিড বিধি মানি চলিব লাগিব ।
৩. অটো ৰিক্সা, ৰিক্সা আৰু টেক্সিৰ ক্ষেত্ৰত চালকৰ উপৰি দুজন যাত্ৰীহে থাকিব পাৰিব ।
৪. চিটিবাছ, আন্তঃজিলা আৰু আন্তঃৰাজ্যিক বাছসমূহ ৫০ শতাংশ যাত্ৰীৰে চলিব আৰু যাত্রীসকলে ক'ভিড বিধি মানিব লাগিব ৷

অন্যান্য ক্ষেত্ৰৰ সন্দৰ্ভত-

১. ৰাজহুৱা স্থান সমূহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।
২. গ্ৰাহক সকলে দোকান সমূহত নিম্নতম ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব মানিব লাগিব । লগতে দোকান স্বত্বাধিকাৰীয়ে দোকানৰ সন্মূখত হাত চেনিটাইজেশ্যন কৰাৰ সু-ব্যৱস্থা ৰাখিব লাগিব ।
৩. দোকানী আৰু গ্ৰাহক উভয়ে মাস্ক আৰু হাত মোজা পিন্ধিব লাগিব । এই ক্ষেত্ৰত দোকানৰ স্বত্বাধিকাৰীয়ে গুৰুত্ব দিব লাগিব ।
৪. চেলুন, বিউটী পাৰ্লাৰ আদিত কঠোৰ ভাৱে নিয়ম পালন কৰিহে সেৱা আগবঢ়াব পাৰিব। মাস্ক, হাত মোজা পিন্ধাটো বাধ্যতামূলক ।
৫. দৈনিক-সাপ্তাহিক বজাৰ, ঘৰুৱা সহায় ব্যৱস্থাৰ ক্ষেত্ৰত এ এছ ডি এম এ জাৰি কৰা পৰামৰ্শ সমূহ কঠোৰভাৱে বলৱৎ কৰা হ’ব ৷

আইনী ব্যৱস্থা সন্দৰ্ভত-

১. ক'ভিড নিৰ্দেশনাসমূহ অমান্য কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ দণ্ডবিধি ১৮৮ৰ ভিত্তিত গ্ৰহণ কৰা হব শাস্তিমূলক ব্যৱস্থা ।
২. মাস্ক পৰিধান নকৰা তথা ৰাজহুৱা স্থানত থু-পিক পেলালে ১০০০টকা জৰিমনা বিহা হ'ব ।

লগতে পঢ়ক:শিৱসাগৰত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 127 জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details