অসম

assam

By

Published : Nov 1, 2021, 4:06 PM IST

ETV Bharat / state

অসমত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ অসমত ভিতৰত কামৰূপ মেট্ৰ’ত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক ৷ ইতিমধ্যে ৰূপনগৰৰ এটা অঞ্চলত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

assam covid update
অসমত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা

নিউজ ডেস্ক, 1 নৱেম্বৰ : অসমত পুনৰ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ অসমত দেওবাৰ পুনৰ 212 জন লোক আক্ৰান্ত হৈছে ক’ভিডত ৷ কামৰূপ মেট্ৰ’ত সৰ্বাধিক 96 গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত ৷ আনহাতে মৃত্যু হৈছে এজন লোকৰ ৷

অসমত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা

অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দেওবাৰে নিশা নিজ টুইটাৰ একাউন্টত প্ৰকাশ কৰে এই তথ্য ৷ মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, দেওবাৰৰ দিনটোত ৰাজ্যত 15,060 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয় আৰু ইয়াৰে 212 জন লোকৰ দেহত পোৱা হয় ক’ভিড পজিটিভ ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 98.42% ৷

আনহাতে, দেশত সম্প্ৰতি 1,58,817 গৰাকী লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু মৃতকৰ সংখ্যা 4,58,437 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বিগত ২৪ ঘণ্টাত ১২,৫১৪ গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ২৫১ গৰাকী আক্ৰান্ত লোক মৃত্য়ুমুখত পৰিছে ৷

লগতে পঢ়ক :গুৱাহাটীৰ এটা অঞ্চলক কৰা হ'ল কণ্টেইনমেণ্ট জ'ন

ABOUT THE AUTHOR

...view details