গুৱাহাটী, ৮ জুন: ৰাজ্যৰ ক'ভিড আক্ৰান্তৰ হাৰ ক্ৰমাৎ নিম্নগামী হ'ব ধৰিছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ হাৰ ৩.০৬ শতাংশলৈ হ্ৰাস পাইছে । এই সময়চোৱাত ৩,৮০৪ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৭ গৰাকী লোকৰ মৃত্যু হৈছে ।
অসমত ক'ভিড আক্ৰান্তৰ হাৰ ৩.০৬ শতাংশলৈ হ্ৰাস আক্ৰান্ত হোৱা সকলৰ ভিতৰত ৩১৮ গৰাকী কামৰূপ মহানগৰ জিলাৰ, ৩১৫ গৰাকী তিনিচুকীয়াৰ, ৩১১ গৰাকী যোৰহাট আৰু ২৮১ গৰাকী ডিব্ৰুগড়ৰ । ৰাজ্যত এতিয়ালৈকে ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৪,৩৮,৭৪৬ গৰাকীলৈ বৃদ্ধি পালে । বৰ্তমান ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪৮,৬৭২ গৰাকী ।
অসমত ক'ভিড আক্ৰান্তৰ হাৰ ৩.০৬ শতাংশলৈ হ্ৰাস উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ১,২৪,৩১৬ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল । আনহাতে বিগত ২৪ ঘণ্টাত ৪,৬১৩ গৰাকী লোকে কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছে । বৰ্তমান আক্ৰান্তৰ বিপৰীতে আৰোগ্যৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । ৰাজ্যত কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰাৰ হাৰ ৮৭.৭৬ শতাংশ । এতিয়ালৈকে কৰ'ণাত প্ৰাণ হেৰুৱাইছে ৰাজ্যৰ ৩,৬৯৫ গৰাকী লোকে ।
অসমত ক'ভিড আক্ৰান্তৰ হাৰ ৩.০৬ শতাংশলৈ হ্ৰাস ৰাজ্যত এই পৰ্যন্ত ৪৩,৮৬,৩৪৪ গৰাকী লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৩৫,৩১,২৩৬ গৰাকী লোকে প্ৰথম পালি আৰু ৮,৫৫,১০৮ গৰাকী লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে ।
লগতে পঢ়ক: কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ