নিউজ ডেস্ক, 23 অক্টোবৰ:অসমত 2 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই ৷ অসমত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে মুঠ 203282 গৰাকীলৈ ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে উল্লেখ কৰে এই তথ্য ৷
অসমত 2 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্য়াই - কৰ'ণা
মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে উল্লেখ কৰা তথ্য অনুসৰি, অসমত মুঠ 203282 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ আনহাতে মৃতকৰ সংখ্য়া বৃদ্ধি পালে 896 গৰাকীলৈ ৷
![অসমত 2 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অসমত 2 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্য়াই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9281078-thumbnail-3x2-kk.jpg)
অসমত 2 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্য়াই
উল্লেখ্য যে, ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা 896 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান অসমত 24724 গৰাকী সক্ৰিয় ৰোগী থকাৰ লগতে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে 177659 গৰাকী লোকে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 87.39 শতাংশ ৷
লগতে পঢ়ক:কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ অনুমতি CDSCO পেনেলৰ