অসম

assam

ETV Bharat / state

ৰাজ্যৰ শেহতীয়া ক’ভিড-19ৰ তথ্য ...

ৰাজ্যত ক’ৰণাত আক্ৰান্তৰ সংখ্যাই দুইলক্ষাধিক অতিক্ৰম কৰিলে ৷ এই মহামাৰীৰ প্ৰতিষেধক ভেকছিন আবিস্কাৰ নোহাৱা লৈকে সকলোকে সজাগ সচেতন হৈ থাকিবলৈ দেশৰ প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা দেখা গৈছে ৷

ASSAM COVID UPDATE
ৰাজ্যৰ শেহতীয়া ক’ভিড-19ৰ তথ্য ....

By

Published : Oct 22, 2020, 4:22 PM IST

নিউজ ডেস্ক,22 অক্টোবৰঃৰাজ্যত মহামাৰী ক’ৰণাত আক্ৰান্তৰ সংখ্যাই 2,02774 অতিক্ৰম কৰিলে ৷ সম্প্ৰতি ৰাজ্যত 1,76075 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত 25,807 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ৷

উল্লেখযোগ্য যে, মহামাৰী ক’ৰণাত আক্ৰান্ত হৈ ৰাজ্যত 889 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ সম্প্ৰতি ৰাজ্যত ক’ৰণাত আক্ৰান্তৰ হাৰ হৈছে 12.72% আৰু সুস্থ হোৱাৰ হাৰ হৈছে 86.83% আৰু মৃত্যুৰ হাৰ হৈছে 0.44 শতাংশ ৷

আনহাতে ৰাজ্য চৰকাৰে ক’ভিড প্ৰটক’ল, সামাজিক দুৰত্ব, মাস্ক পৰিধান কৰি সকলো নীতি নিয়ম পালন কৰিবলৈ আহ্ৱান জনাই অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ সীমা বিবাদ : মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য

ABOUT THE AUTHOR

...view details