অসম

assam

By

Published : Oct 14, 2020, 9:43 PM IST

ETV Bharat / state

ৰাজ্যৰ শেহতীয়া ক’ভিড-19 ৰ সামগ্ৰীক তথ্য

অসমত ক’ৰণা আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে ৷ সম্প্ৰতি 830 গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে ৷

ASSAM COVID UPDATE
ৰাজ্যৰ শেহতীয়া ক’ভিড-19 ৰ সামগ্ৰীক তথ্য

নিউজ ডেস্ক,14অক্টোবৰঃ ৰাজ্যত ক’ভিড-19 আক্ৰান্তৰ সংখ্যা 1,96786 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 1,67056 গৰাকী সম্প্ৰতি সুস্থ হৈ উঠাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত 28897 গৰাকী ক’ভিড-19 আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ৷ আনহাতে এই মহামাৰী ক’ৰণাৰ ফলত বৰ্তমান ৰাজ্যত 830 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ ৰাজ্য চৰকাৰে ক’ৰণা প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰাজ্য খনত এতিয়াও প্ৰতিদিনে ক’ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা গৈছে ৷

ক’ভিডৰ পৰা পৰিত্ৰান পাবলৈ জনসাধাৰণে চৰকাৰ প্ৰশাসনে জাৰি কৰা ক’ভিড প্ৰটকল সমহূ পালন কৰিলে এই মহামাৰী ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ৷ সামাজিক দুৰ্ৰত্ব, হেন্ড চেনিটাইজাৰ, পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে এই মহামাৰীৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে ৷

লগতে পঢ়কঃ বিধায়কসহ ১৫ গৰাকী নেতাক বহিষ্কাৰ কৰিলে জেডিইউৰ নেতা নিতীশ কুমাৰে

ABOUT THE AUTHOR

...view details