অসম

assam

ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা 32228লৈ বৃদ্ধি

দেওবাৰৰ শেষলৈ 985 গৰকী লোক সুস্থ হোৱাৰ পাচত চিকিৎসালয়ৰ পৰা মুকলি কৰি ঘৰলৈ যাবলৈ দিয়া হয় ৷

By

Published : Jul 27, 2020, 5:55 AM IST

Published : Jul 27, 2020, 5:55 AM IST

Updated : Jul 27, 2020, 6:11 AM IST

ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা 985 গৰাকীলৈ বৃদ্ধি
ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা 985 গৰাকীলৈ বৃদ্ধি

নিউজ ডেস্ক, 27 জুলাইঃদেওবাৰে নিশা 9 বজালৈ ৰাজ্যত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 32,228 লৈ বৃদ্ধি পায় ৷ দেওবাৰে দিনটোত পৰীক্ষা কৰা 20,542 গৰাকী লোকৰ ভিতৰত 1142 গৰাকীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷ গুৱাহাটীত পূৰ্বৰ তুলনাত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হয় ৷ গুৱাহাটীত 171 গৰাকী লোকৰ দেহত ক’ভিড 19 ধৰা পৰাৰ বিপৰীতে কামৰূপ (গ্ৰা) জিলাত 188 গৰাকী আৰু দৰং জিলাত 100 গৰাকীৰ দেহত চিনাক্ত হয় এই ৰোগ ৷

ইপিনে দেওবাৰৰ শেষলৈ 985 গৰকী লোক সুস্থ হোৱাৰ পাচত চিকিৎসালয়ৰ পৰা মুকলি কৰি ঘৰলৈ যাবলৈ দিয়া হয় ৷ বৰ্তমান ৰাজ্যত আৰোগ্যৰ সংখ্যা 24040 হোৱাৰ বিপৰীতে এতিয়াও আক্ৰান্ত হৈ আছে 8106 গৰাকী লোক ৷ ইপিনে এই মহামাৰীত ৰাজ্যত মৃত্যুৰ সংখ্যা হৈছে 79 গৰাকী ৷

লগতে পঢ়কঃCOVID টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত অধিক মূল্য পৰিশোধ কৰিছে অসম চৰকাৰে: দেৱব্ৰত শইকীয়া

Last Updated : Jul 27, 2020, 6:11 AM IST

ABOUT THE AUTHOR

...view details