অসম

assam

By

Published : Jul 18, 2020, 10:06 AM IST

ETV Bharat / state

ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা হ'লগৈ 21,864 গৰাকী, এদিনতে আক্ৰান্ত 1218 গৰাকী

কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা গুৱাহাটী মহানগৰীত সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ বৰ্তমান পৰ্যন্ত ৰাজ্যত 51 গৰাকীলোকে মহামাৰী কৰ'ণাৰ ফলত মৃত্যুক আকোঁৱালি লৈছে ৷

ASSAM COVID UPDATE
ASSAM COVID UPDATE

নিউজ ডেস্ক,18 জুলাইঃৰাজ্যত প্ৰতিদিনে কৰ'ণা আক্ৰান্তৰ সংখ্যা ভয়াবহ ভাবে বৃদ্ধি পাৱলৈ ধৰিছে ৷ ৰাজ্যখনৰ প্ৰতিখন জিলাতে কম-বেছি পৰিমানে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ৷ শুকুৰবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ 1218 গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ পোৱা গৈছে ৷ ইয়াৰে সৰ্বাধিক 570 গৰাকী আক্ৰান্ত গুৱাহাটী মহানগৰীৰ ৷

ইপিনে সম্প্ৰতি ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যাই 21,864 অতিক্ৰম কৰাৰ বিপৰীতে 14,105 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ আনহাতে বৰ্তমান পৰ্যন্ত ৰাজ্যত 7,705 গৰাকী ক'ভিড আক্ৰান্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ লগে-লগে 51 গৰাকীলোকে মহামাৰী কৰ'ণাৰ ফলত মৃত্যুক আকোঁৱালি লৈছে ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ ঘৰৰ কাষৰ পৰাই গৰু লৈ উধাও চোৰ

ABOUT THE AUTHOR

...view details