অসম

assam

By

Published : Jul 14, 2020, 9:28 AM IST

ETV Bharat / state

ৰাজ্যৰ পুনৰ 1001 গৰাকী আক্ৰান্ত কোভিড-19 ত

ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে কোভিড-19ৰ সংক্ৰমণে ৷ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন জিলাত একাধিক লোক আক্ৰান্ত হৈছে কৰ‘ণাত ৷ গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷

assam-covid-update
ৰাজ্যৰ পুনৰ 1001 গৰাকী কোভিড-19 ত আক্ৰান্ত

নিউজ ডেস্ক,14জুলাইঃ সোমবাৰে ৰাজ্যত দিনটোতে 1001 গৰাকী কোভিড-19 আক্ৰান্ত হয় ইয়াৰে 513 গৰাকী গুৱাহাটী মহানগৰীৰ ৷ সমগ্ৰ ৰাজ্য খনতে সম্প্ৰতি মুঠ 17,807 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 11,416 গৰাকী লোক সুস্থ হৈ উঠছে ৷

ইপিনে বৰ্তমান 6348 গৰকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷ উল্লেখ্য যে, 40 গৰাকী লোক এই মহামাৰী কোভিড-19ৰ আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৷

লগতে পঢ়কঃ হোজাইত হাত এৰি ফুলৰ মালা পিন্ধিলে জিলা পৰিষদৰ উপ-সভাপতিয়ে

ABOUT THE AUTHOR

...view details