নিউজ ডেস্ক, 29 জুনঃ অসমত ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ সোমবাৰে 302 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ টুইট যোগে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা ৷
COVID-19: অসমৰ শেহতীয়া তথ্য
বৰ্তমানলৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা 7794 ৷ তাৰে ভিতৰত আৰোগ্য হৈ উঠিছে 5333 জন ৷ মৃত্যু হৈছে 11 গৰাকী লোকৰ ৷ আনহাতে সক্ৰিয় কেচ আছে 2447 টা আৰু প্ৰব্ৰজিত 3 টা ৷
COVID-19: অসমৰ শেহতীয়া তথ্য
বৰ্তমানলৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা 7794 ৷ তাৰে ভিতৰত আৰোগ্য হৈ উঠিছে 5333 জন ৷ মৃত্যু হৈছে 11 গৰাকী লোকৰ ৷ আনহাতে সক্ৰিয় কেচ আছে 2447 টা আৰু প্ৰব্ৰজিত আছে 3 টা ৷
ইপিনে গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ বৃদ্ধি পোৱাত সোমবাৰে নিশা 12 বজাৰ পৰাই আৰম্ভ হৈছে 14 দিনীয়া পূৰ্ণ পৰ্যায়ৰ লক্ ডাউন । এইবাৰৰ লক্ ডাউনত অত্যন্ত কঠোৰ হোৱা দেখা গৈছে প্ৰশাসনক ৷