অসম

assam

ETV Bharat / state

ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীয়ে অতিক্ৰম কৰিলে 2লাখৰ ঘৰ - ৰাজ্য

বৃহস্পতিবাৰৰ নিশালৈকে ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ 2,02,774 গৰাকী ৷ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ এক তথ্য অনুসৰি ৰাজ্যত ভয়ানক ভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

ASSAM COVID UPDATE
ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীয়ে অতিক্ৰম কৰিলে 2লাখৰ ঘৰ

By

Published : Oct 22, 2020, 7:07 AM IST

নিউজ ডেস্ক,22অক্টোবৰ:ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীয়ে অতিক্ৰম কৰিলে 2লাখ ঘৰ ৷ বৰ্তমান ৰাজ্যত এই ভাইৰাছত আক্ৰন্ত হোৱা লোকৰ সংখ্যা 2,02,774 গৰাকী আৰু মৃতকৰ সংখ্যা 889 গৰাকীলৈ বৃদ্ধি ৷ ইয়াৰোপৰি, কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 25,807 গৰাকী আৰু সুস্থ হৈ উঠিছে 1,76,075 গৰাকী ৷ বৃহস্পতিবাৰৰ নিশা মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য ৷

ইফালে,মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, এতিয়ালৈকে ৰাজ্যত 86'83 শতাংশ লোকে সুস্থ হৈ উঠিছে, 12'72 শতাংশ লোক চিকিৎসাধীন হৈ আছে আৰু মৃত্যুৰ হাৰ 0'44 শতাংশ হৈছেগৈ ৷

অন্য এক খবৰৰ বাবে: সদিচ্ছাৰ অভাৱত ছয় দশক ধৰি উত্তপ্ত অসম তথা উত্তৰ-পূবৰ সীমান্ত

ABOUT THE AUTHOR

...view details