অসম

assam

ETV Bharat / state

ক'ভিডৰ কালৰূপ: চিকিৎসাধীন অৱস্থাতে ৫ দিনত অসমত মৃত্যু ৩১৯ জনৰ - কৰ'ণাৰ আক্ৰান্ত

অসমত ক্ৰমান্বয়ে কৰ'ণাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । বিগত ১৫ দিনত অসমত কালৰূপী কৰ'ণাই পৰি প্ৰাণ কাঢ়িছে ৬২৩ গৰাকী লোকৰ । বিগত মাত্ৰ পাঁচটা দিনৰ ভিতৰত মহামাৰীৰ কবলত পৰি ৩১৯ গৰাকী লোকৰ মৃত্যু হৈছে । ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েলে দাঙি ধৰিছে এই তথ্য ।

ক'ভিডৰ কালৰূপ
ক'ভিডৰ কালৰূপ

By

Published : May 13, 2021, 5:21 PM IST

Updated : May 13, 2021, 6:02 PM IST

গুৱাহাটী,13 মে': ক্ৰমাৎ যেন এফালৰ পৰা তচনচ কৰি নিব খুজিছে ক'ভিডে ৷ অসমত বিগত মাত্ৰ পাঁচটা দিনৰ (৫ মে'ৰ পৰা ৯ মে' পৰ্যন্ত) ভিতৰত ক'ভিডে প্ৰাণ কাঢ়ি নিছে ৩১৯ গৰাকী লোকৰ । বুধবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েলে মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই সম্পৰ্কত এক পাৱাৰ পইণ্ট প্ৰেজেণ্টেছন দাঙি ধৰে ।

তেওঁ তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে যে, পৰিস্থিতিৰ যদি আৰু অধিক অৱনতি ঘটে তেন্তে অসমতো অক্সিজেনৰ নাটনি ঘটাৰ আশংকা নুই কৰিব নোৱাৰি । তেওঁ দাঙি ধৰা তথ্য অনুসৰি, বিগত মাত্ৰ পাঁচদিনৰ ভিতৰতে অসমত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে ৩১৯ গৰাকী লোকৰ ।

চিকিৎসাধীন অৱস্থাতে ৫ দিনত অসমত মৃত্যু ৩১৯ জনৰ

ইয়াৰে ৫২ গৰাকীৰ মৃত্যু হৈছে হাস্পতালত ভৰ্তি হোৱাৰ ১২ ঘণ্টাৰ ভিতৰত । ৪৬ গৰাকীৰ মৃত্যু হৈছে ২৪ ঘণ্টাৰ ভিতৰত, ৮৩ গৰাকীৰ মৃত্যু হৈছে ২-৩ দিনৰ ভিতৰত, ৯১ গৰাকীৰ মৃত্যু হৈছে ৪-৭ দিনৰ ভিতৰত আৰু ৮ বা তাতোকৈ অধিক দিনৰ ভিতৰত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে ৪৭ গৰাকী লোকৰ ।

৫ মে'ৰ পৰা ৯ মে'ৰ ভিতৰত ক'ভিডত আক্ৰান্ত হৈ অসমত ২০ বছৰতকৈ কম বয়সৰ এজন লোকৰ মৃত্যু ঘটাৰ লগতে ২১-৩০ বছৰ বয়সৰ ৯ গৰাকী, ৩১-৪০ বছৰ বয়সৰ ২৬ গৰাকী, ৪১-৫০ বছৰ বয়সৰ ৭৫ গৰাকী, ৫১-৬০ বছৰ বয়সৰ ৮৬ গৰাকী, ৬১-৭০ বছৰ বয়সৰ ৭১ গৰাকী আৰু ৭১-৮০ বছৰ বয়সৰ ৩৫ গৰাকী লোকে ক'ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । ৮০ৰ উৰ্দ্ধৰ ২০ গৰাকী লোকৰ মৃত্যু ঘটিছে এই সময়চোৱাত । প্ৰধান সচিব গৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ১৫ দিনত অসমত মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ৬২৩ গৰাকী লোকে ।

লগতে পঢ়ক: কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Last Updated : May 13, 2021, 6:02 PM IST

ABOUT THE AUTHOR

...view details