গুৱাহাটী, ১৪ মে' : বিগত এমাহ ধৰি কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ পাছতো ৰাজ্যৰ ক'ভিড পৰিস্থিতি উন্নত হোৱা নাই। বৰং দিনক দিনে ৰাজ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । শেহতীয়াকৈ দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ লকডাউন দিয়া হৈছে । কিন্তু, এই অৰ্ধ লকডাউনেও ৰুধিব পৰা নাই ক'ভিডৰ সংক্ৰমণ । নিতৌ অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ।
বিগত ২৪ ঘণ্টাত ৭৫ গৰাকী লোকৰ কৰ'ণাত মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে ৫,৪৬৮ গৰাকী । ইয়াৰ পাচতে ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ ৯.১৮ শতাংশলৈ বৃদ্ধি পায় । অৰ্থাৎ ক'ভিড টেষ্ট কৰা ১০০ জন লোকৰ ভিতৰত ৯ জনৰ দেহত পোৱা গৈছে ক'ভিডৰ অৱস্থিতি । বিগত দহ দিনত ক'ভিডত আক্ৰান্ত হৈ ৰাজ্যৰ ৬২৪ গৰাকী লোকে প্ৰাণ হেৰুৱালে । ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰীত ব্যাপক তথা ভয়াৱহ হাৰত কৰ'ণাৰ সংক্ৰমণ হৈছে । বিগত দহ দিনত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৪,২৮৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।
অসমত নতুনকৈ আক্ৰান্ত ৫,৪৬৮ গৰাকীৰ ভিতৰত ১,১৭৩ গৰাকী কামৰূপ মহানগৰ জিলাৰ । ইফালে ৪৫২ গৰাকী ডিব্ৰুগড় জিলাৰ, ৪৩১ গৰাকী কামৰূপ গ্ৰাম্য জিলাৰ আৰু ৩৩২ গৰাকী নগাঁও জিলাৰ। আনহাতে মৃত্যু হোৱা ৭৫ গৰাকীৰ ভিতৰত ২৩ গৰাকী লোক কেৱল কামৰূপ মহানগৰ জিলাৰ ।
সেইদৰে কৰ'ণাত ডিব্ৰুগড় জিলাত ৭ জন, কামৰূপ গ্ৰাম্য আৰু তিনিচুকীয়াত ৫ জনকৈ, বৰপেটা, দৰং, গোলাঘাট, কাৰ্বি-আংলং, নলবাৰী আৰু শোণিতপুৰত ৩ জনকৈ, বঙাইগাঁও, হোজাই, নগাঁও আৰু ওদালগুৰিত দুজনকৈ আৰু চৰাইদেউ, ধেমাজী, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট, কৰিমগঞ্জ, লখিমপুৰ আৰু মৰিগাঁৱত এজনকৈ লোকৰ মৃত্যু হৈছে ।