গুৱাহাটী, ২০ এপ্ৰিল: সম্প্ৰতি ক'ভিড পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । ৰাজ্যখনত ক'ভিডত আক্ৰন্তৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ২.০৯ শতাংশলৈ বৃদ্ধি পাইছে । সোমবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৩৬৭ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । আনহাতে, সোমবাৰৰ দিনটোতে কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৭ গৰাকী লোকৰ ।
বিগত ২৪ ঘণ্টাত অসমত ক'ৰণাই প্ৰাণ ল'লে ৭ জনৰ ইয়াৰে ভিতৰত চাৰিগৰাকী কামৰূপ মহানগৰ জিলাৰ । লগতে একেটা দিনতে বাক্সা, কাছাৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰো এজনকৈ লোক মহামাৰীৰ কবলত পৰিছে বুলি জানিব পৰা গৈছে । বৰ্তমানলৈকে ৰাজ্যখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ২,২৫,৮২২ জনলৈ বৃদ্ধি পাইছে । মহামাৰীৰ কবলত পৰি অসমত এই পৰ্যন্ত ১,১৪২ গৰাকী লোকৰ মৃত্যু হৈছে ।
অসমত নতুনকৈ ক'ৰণাৰ কবলত পৰিল ৮৭৬ গৰাকী লোক ৰাজ্যখনত কৰ'ণাৰ বাবে হোৱা মৃত্যুৰ হাৰ ০.৫১ শতাংশ । ইফালে, ৰাজ্যখনত ইতিমধ্যে ২,১৭,০১৭ গৰাকী কৰ'ণা ৰোগী আৰোগ্য হৈ উঠিছে । ৰাজ্যখনত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৬,৩১৬ গৰাকী । ইয়াৰে গৰিষ্ঠ সংখ্যকেই হোম কোৱাৰেন্টাইনত আছে । বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হোৱা ১,৩৬৭ গৰাকী লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৪৮২ গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ।
হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কৰ'ণাত আক্ৰান্তৰ সংখ্যাই ইয়াৰ বিপৰীতে ডিব্ৰুগড় জিলাত ১০৯ গৰাকী, কামৰূপ গ্ৰাম্যত ১০৬ গৰাকী, শোণিতপুৰত ৬৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । প্ৰাপ্ত তথ্য মতে, সোমবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৬৫,৪১০ গৰাকী লোকৰ ক'ভিড-১৯ পৰীক্ষা কৰোৱা হৈছিল । ইয়াৰ ভিতৰত ১৩৬৭ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে । সেই হিচাপ মতে, কৰ'ণা আক্ৰান্তৰ হাৰ হৈছে ২.০৯ শতাংশ ।
বিগত ২৪ ঘণ্টাত অসমত ক'ৰণাই প্ৰাণ ল'লে ৭ জনৰ এতিয়ালৈকে অসমত মুঠ ৭৮,৯৬,২৭০ গৰাকী লোকৰ ক'ভিড-১৯ পৰীক্ষা সম্পন্ন কৰা হৈছে । ইফালে ৰাজ্যত অব্যাহত আছে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া । এতিয়ালৈকে ৰাজ্যৰ ১৬,৬২,৭৯১ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১৩,৪৩,৩৭৫ গৰাকীক প্ৰতিষেধকৰ প্ৰথম পালি আৰু ৩,১৯,৪১৬ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে । উল্লেখ্য যে, গুৱাহাটী মহানগৰীত কৰ'ণাই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনিক শ শ লোক কৰ'ণাৰ কৱলত পৰিছে । ইতিমধ্যে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ।
লগতে পঢ়ক:পুনৰ জখলাবন্ধা আৰক্ষীৰ জালত চোৰাং চিকাৰী