নিউজ ডেস্ক,22জুলাই : ৰাজ্যত কৰ‘ণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে পৰিস্থিতি গণ সংক্ৰমণৰ দিশে ধাবমান হোৱা পৰিলক্ষিত হৈছে ৷ মঙলবাৰৰ দিনটোত ৰাজ্যত পুনৰ 1680 গৰাকীৰ দেহত ক‘ভিড-19 পজিটিভ পোৱা গৈছে ৷ ইয়াৰে 570 গৰাকী গুৱাহাটীৰ,যোৰহাটত 167 গৰাকী আৰু 159 গৰাকী কাছাৰৰ ৷ মঙলবাৰ দিনটোতে 18,152 টা ক‘ভিড পৰীক্ষা কৰা হৈছিল য‘ত আক্ৰান্তৰ হাৰ 9.2 শতাংশ বুলি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰে ৷
ৰাজ্যত 24 ঘন্টাত সম্পন্ন 18,152 ক‘ভিড পৰীক্ষা - আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে
ৰাজ্যত মহামাৰী কৰ‘ণাই কালৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে ক‘ভিড-19 পজিটিভ ৰোগীৰ সংখ্যা ক্ৰমাগত ভাবে বৃদ্ধি পাৱলৈ ধৰিছে ৷
![ৰাজ্যত 24 ঘন্টাত সম্পন্ন 18,152 ক‘ভিড পৰীক্ষা ASSAM COVID 19 UPDATES](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8121210-211-8121210-1595382636309.jpg)
ৰাজ্যত 24 ঘন্টাত 18,152 ক‘ভিড টেষ্ট সম্পন্ন
ইপিনে সম্প্ৰতি ৰাজ্যত কৰ‘ণাত আক্ৰান্তৰ সংখ্যা 26,772 গৰাকীলৈ লৈ বৃদ্ধি পালে ৷ তাৰ বিপৰীতে 18,033গৰাকী ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে আৰু 8,672 গৰাকী ৰোগী এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ এই মহামাৰী কৰ‘ণাৰ ফলত বৰ্তমান পৰ্যন্ত ৰাজ্যত 64 গৰাকী ৰোগীয়ে মৃত্যুক আকোঁৱালি লৈছে ৷
লগতে পঢ়কঃগুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাত ছাত্ৰ নেতা শ্বাৰ্জীল ইমাম ক'ভিড-19 ত আক্ৰান্ত
TAGGED:
ASSAM COVID 19 UPDATES