অসম

assam

ETV Bharat / state

ক'ভিড-19 ত পুনৰ ৰাজ্যত মৃত্য়ু 6 গৰাকীৰ - তেওঁলোক চিকিৎসাধীন হৈ আছে

ৰাজ্যত ভয়াবহ ভাবে বদ্ধি পাবলৈ ধৰিছে ক‘ভিড-19 সংক্ৰমণ ৷ মঙলবাৰৰ দিনটোতে ৰাজ্যত 6 গৰাকী ক'ভিড-19 আক্ৰান্ত ৰোগী মৃত্যু মুখত পৰে ৷

Assam covid-19 update
Assam covid-19 update

By

Published : Jul 15, 2020, 7:45 AM IST

নিউজ ডেস্ক,15 জুলাই :ৰাজ্যত অব্যাহত আছে ক'ভিড-19 মহামাৰীৰ ত্ৰাস ৷ শেহতীয়াকৈ মংগলবাৰৰ দিনটোত ৰাজ্যত 859 গৰাকী আক্ৰান্ত হৈছে ক'ভিড-19 ত ৷ কেৱল গুৱাহাটী মহানগৰীতেই ধৰা পৰিছে 627 গৰাকী ক'ভিড-19 আক্ৰান্ত ৰোগী ৷ আনহাতে, মঙলবাৰৰ দিনটোত ৰাজ্যখনত 6 গৰাকীকৈ ক'ভিড-19 আক্ৰান্ত ৰোগীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰি হাস্পতালৰ পৰা অব্যাহতি লয় 757 গৰাকী ৰোগীয়ে ৷

উল্লেখ্য যে, বৰ্তমানলৈকে অসমত ক'ভিড-19ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হৈছে 18,666 গৰাকী ৷ ইয়াৰে 6,444 গৰাকী ৰোগী ৰাজ্যৰ বিভিন্ন ক'ভিড হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে, আৰোগ্য লাভ কৰিছে 12,173 গৰাকীয়ে ৷ বৰ্তমানলৈকে ৰাজ্যত ক'ভিড-19 মহামাৰীয়ে প্ৰাণ লৈছে 46 গৰাকী ৰোগীৰ ৷

লগতে পঢ়কঃবাৰ বছৰৰ ভিতৰত এইবাৰ বৰষুণৰ মাত্ৰা সৰ্বাধিক কিয় ?

ABOUT THE AUTHOR

...view details