গুৱাহাটী, ১০ ফেব্ৰুৱাৰীঃবৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিবেশন । সংসদীয় পৰম্পৰা অনুসৰিয়েই অধিবেশনৰ পূৰ্বে বুধবাৰে সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ এখন বৈঠক । এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
সেই অনুসৰি ৰাজ্যৰ পৌৰসভা সমূহত সেৱা আগবঢ়াই অহা ১৬৫৩ গৰাকী কৰ্মচাৰীক ঠিকাভিত্তিক নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰী পৰিষদে । এই কৰ্মচাৰী সকলক নগৰ উন্নয়ন বিভাগৰ কৰ্মচাৰী হিচাপে গণ্য কৰা হ'ব । সেইদৰে গুৱাহাটী প্ৰেছ ক্লাৱলৈ তিনি কঠা মাটি, কৰুণাধাৰালৈ গুৱাহাটীত দুই বিঘা, জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদলৈ গুৱাহাটীত এবিঘা, অসম অনুসূচিত জাতি চাফাই কৰ্মচাৰী পৰিষদলৈ ৰঙিয়াত পাঁচ বিঘা মাটি আৱণ্টন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
আনহাতে, ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন চৌহদ নিৰ্মাণ আৰু গড়কাপ্তানি বিভাগৰ নতুন নাম "লোকনিৰ্মাণ বিভাগ" ৰখাৰ সিদ্ধান্ত ক্ষেত্ৰতো আজিৰ বৈঠকে অনুমোদন জনায় । ৰাজ্যৰ বাবে এখন নতুন "চাইবাৰ চিকিউৰিটি পলিচি" গ্ৰহণ কৰাৰো সিদ্ধান্ত লোৱা হয় । লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি বুটলিবলৈ সক্ষম হোৱা হিমা দাসক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিবলৈ মন্ত্ৰী পৰিষদৰ বৈঠকে সিদ্ধান্ত লয় । অনুৰূপভাবে অলিম্পিক, এছিয়ান গেমছ, কমনৱেল্থ গেমছ আদিত মেডেলপ্ৰাপক অসমৰ খেলুৱৈয়ে অসম চৰকাৰৰ প্ৰথম শ্ৰেণীৰ আৰু বিশ্ব চেম্পিয়নশ্বিপ (চিনিয়ৰ)ত মেডেল লাভ কৰা অসমৰ খেলুৱৈয়ে চৰকাৰৰ দ্বিতীয় শ্ৰেণীৰ পদবীত নিযুক্তি লাভ কৰিব ।