নিউজ ডেস্ক, 5 জুনঃ অসমত পুনৰ 90গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছ ৷ ইয়াৰ ফলত অসমত মুঠ আক্ৰান্তৰ সংখ্যা 2243 লৈ বৃদ্ধি পাইছে ৷ বৰ্তমানলৈ অসমত আৰোগ্য হৈ উঠিছে 509 গৰাকী লোক, তাৰ বিপৰীতে মৃত্যু হৈছে 04 গৰাকী লোকৰ আৰু সক্ৰিয় কেচ আছে 1727 টা ৷ প্ৰায় 11.30 মান বজাত টুইটৰ জৰিয়তে এই কথা প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
অসমত COVID-19ৰ শেহতীয়া স্থিতি
অসমত নতুনকৈ 90 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছ ৷ ইয়াৰ লগে লগে অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 2243 জনলৈ ৷
অসমত COVID-19ৰ শেহতীয়া স্থিতি
উল্লেখ্য যে, নতুনকৈ আক্ৰান্ত 90 গৰাকী লোকৰ ভিতৰত আছে- ধুবুৰীৰ 37 জন, ডিমা হাচাওৰ 15 জন, কৰিমগঞ্জ, কাছাৰ আৰু বাক্সাৰ 7 জনকৈ, হাইলাকান্দিৰ 6 জন, ওদালগুৰিৰ 3 জন, ধেমাজি আৰু দক্ষিণ শালমাৰাৰ 2 জনকৈ, নলবাৰী, বৰপেটা, বঙাইগাঁও, চিৰাং জিলাৰ 1 জনকৈ লোক ৷
লগতে পঢ়কঃ কৰ'ণা মুক্ত ঘোষণা ফিজি,দেশখনত ৯২ শতাংশ সম্পূৰ্ণ হৈ উঠিছে কৰ'ণা পৰীক্ষা