অসম

assam

ETV Bharat / state

অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য - অসমত শনিবাৰৰ দিনটোত নতুনকৈ চিনাক্ত

অসমত শনিবাৰৰ দিনটোত নতুনকৈ চিনাক্ত হয় 1117 গৰাকী ক’ভিড 19 আক্ৰান্ত লোক ৷ বিগত 24 ঘ’ণ্টাত মৃত্যু হয় 2 গৰাকী লোকৰ ৷ বৰ্তমানলৈ অসমত এই মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা 53 ৷

অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য
অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য

By

Published : Jul 19, 2020, 4:45 AM IST

Updated : Jul 19, 2020, 8:25 AM IST

নিউজ ডেস্ক, 19 জুলাইঃ প্ৰতিদিনে অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ 18 জুলাইলৈ অসমত ক’ভিড 19ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা 22,981 গৰাকীলৈ বৃদ্ধি পাইছে ৷ অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ৷

শনিবাৰৰ দিনটোত ৰাজ্যখনত মুঠ 1,117 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷ এই সংক্ৰমিত লোক সকলৰ ভিতৰত গুৱাহাটী মহানগৰীতে চিনাক্ত হৈছে 515 গৰাকী লোক ৷ ইপিনে বিগত 24 ঘণ্টাৰ ভিতৰত অসমত আন দুজন লোকে কৰ’ণা মহামাৰীত প্ৰাণ হেৰুৱাইছে ৷ ইয়াৰ ফলত অসমত ক’ভিড 19 ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকৰ সংখ্যা 53 গৰাকীলৈ বৃদ্ধি পাইছে ৷

ইপিনে ৰাজ্যখনৰ বাবেই এয়াই সুখবৰ যে, ৰাজ্যখনত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পাইছে ৷ 22,981 গৰাকী আক্ৰান্তৰ ভিতৰত অসমত সুস্থ হৈ উঠিছে মুঠ 15,165 গৰাকী ৰোগী ৷ অৱশ্যে বৰ্তমানেও 7,760 গৰাকী লোক আক্ৰান্ত হৈ আছে কৰ‘ণা ভাইৰাছৰ দ্বাৰা ৷

আক্ৰান্তৰ ক্ষেত্ৰত জিলা সমূহৰ ভিতৰত প্ৰথম স্থানত আছে কামৰূপ মহানগৰ জিলা ৷ উল্লেখ্য যে, গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা লক ডাউন সোমবাৰৰ পৰা সামৰণি পৰিব৷

লগতে পঢ়কঃসামান্য নিষেধাজ্ঞাৰে সোমবাৰৰ পৰা শিথিল হ'ব কামৰূপ (ম) ৰ লক ডাউন

Last Updated : Jul 19, 2020, 8:25 AM IST

ABOUT THE AUTHOR

...view details