অসম

assam

ETV Bharat / state

KAAC Election 2022: কংগ্ৰেছৰ প্ৰথমখন ২২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ - কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council Election) ৷ এই উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ।

first-list-of-congress-candidates-for-kaac-election-released
KAAC Election 2022 : কংগ্ৰেছৰ প্ৰথমখন ২২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

By

Published : May 20, 2022, 6:38 PM IST

গুৱাহাটী, ২০ মে' :৮ জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ (Karbi Anglong Autonomous Council Election 2022) বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন ২২ জনীয়া প্ৰাৰ্থীৰ তালিকা । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে (Press meet of Congress working president) ।

KAAC Election 2022 : কংগ্ৰেছৰ প্ৰথমখন ২২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

তেওঁ কয় যে, কংগ্ৰেছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা সমষ্টিতে প্ৰতিদ্বন্দ্বীতা কৰিব । বাকী চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ'ব । কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে এককভাৱে অৱতীৰ্ণ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে, কংগ্ৰেছৰ ফলাফল ভাল হ'ব । লগতে এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে বুলি তেওঁ উল্লেখ কৰে ।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা তালিকা অনুসৰি দুৱৰ আমলা সমষ্টিত বিজয় টেৰণ, আমৰি সমষ্টিত জেনিচন টেৰণ, চিনথং সমষ্টিত ৰূপচিং বংৰুং, ৰংখাং সমষ্টিত সিং টেৰণ, বিথুং সমষ্টিত খেংবুৰা হানচা, কপিলী সমষ্টিত কাৰেং ফাংচপি, হামৰেণত ৰূপেশ বে', আমেং সমষ্টিত এলাইচ ইংতিপি, হাউৰাঘাট সমষ্টিত চন্দ্ৰ সিং টেৰণ, লাংফাৰ সমষ্টিত পূৰ্ণিমা ৰংহাংপি, ফুলনি সমষ্টিত দৰচিং চিংনাৰ, লাংহিন সমষ্টিত ৰাজেন্দ্ৰ বসুমতাৰী, ককান্ঠি সমষ্টিত চাৰজেং ইংতি, মহামায়া সমষ্টিত বিদ্যা সিং ৰংপি, নামতি সমষ্টিত অশোক টেৰণ, চচেং ধেংতা সমষ্টিত ৰ‍জেশ টিমুং, লুমবাজং সমষ্টিত ৰাতুল টেৰণ, সিংশাসন সমষ্টিত প্ৰদীপ সিংনাৰ, বৰজান সমষ্টিত সুৰেন্দ্ৰ সিংনাৰ, দেউপানী সমষ্টিত জয়চম জেচিম ৰেংমা, নিলিপ সমষ্টিত ছামছং ইংতি আৰু দুৰাবাগৰি সমষ্টিত ৰাজেন ইংতিক প্ৰ‍াৰ্থীত্ব প্ৰদান কৰা হৈছে ।

আনাহাতে উক্ত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্ত আৰু কাৰ্বি আংলঙৰ জিলা কংগ্ৰেছৰ সভাপতি চুমু ৰংহাঙকে আদি কৰি কেইবাজনো জেষ্ঠ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে স্বায়ত্তৰাজ্যৰ দাবীক লৈ সৰৱ ASDC

ABOUT THE AUTHOR

...view details