অসম

assam

ETV Bharat / state

দিল্লীৰ পৰা উভতিল ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছৰ বিধায়কৰ দল - ৰাজ্যিক কংগ্ৰেছত চলি আছে আভ্যন্তৰীণ কন্দল ৷

ৰাজ্যিক কংগ্ৰেছত চলি আছে আভ্যন্তৰীণ কন্দল ৷ বুধবাৰে গুৱাহাটী পালেহি দলৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে হাইকমাণ্ডক অৱগত কৰিবৰ বাবে দিল্লীলৈ যোৱা কংগ্ৰেছ বিধায়কৰ দলটো ৷ সাংবাদিকৰ আগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা কৈ গা এৰাই চলিল মূল বিষয়ৰ পৰা ৷

দিল্লীৰ পৰা উভতিল ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছৰ বিধায়কসকল

By

Published : Nov 20, 2019, 6:19 PM IST

দক্ষিণ কামৰূপ,20 নৱেম্বৰ:ৰাজ্যৰ কংগ্ৰেছ দল বিভক্ত হৈছে কেবাটাও শিবিৰত। ৰাজ্যিক দলটোৰ মাজত অব্যাহত আছে বিসম্বাদ ৷ দলৰ নেতৃত্বক লৈ বৰ্তমান কংগ্ৰেছ দলটোৰ মাজত চলি আছে আভ্যন্তৰীণ কন্দলৰ ৷ বিশেষকৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াক লৈ দলীয় সদস্যৰ মাজত চলি আছে মতবিৰোধ ৷ কিয়নো একাংশই যদি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া হৈ থকাটো বিচাৰে কিন্তু কংগ্ৰেছৰে আন একাংশই বিৰোধী দলপতি হিচাপে দেৱব্ৰত শইকীয়াক নিবিচাৰে ৷
লগতে পঢ়ক:সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব এন আৰ চিঃ অমিত শ্বাহ

17 নৱেম্বৰত কংগ্ৰেছৰ প্ৰায়কেইজনে বিধায়কে হাইকমাণ্ডক ৰাজ্যিক দলটোৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ দিল্লীলৈ ৰাওনা হৈছিল ৷ নিজৰ পচন্দৰ নেতা বাছনি কৰিবলৈ দিল্লীত বাহৰ পাতি আছিল ৰকিবুল হুছেইনকে ধৰি অজন্তা নেওগ,নন্দিতা দাস,নুৰুল হুদা,আবুল কালাম ৰছিদ আলম,ৱাজেদ আলিচৌধুৰী আদি বিধায়কসকল । ভাগে ভাগে গৈ দিল্লীত বাহৰ পাতি হাইকামাণ্ডক লগ কৰি ৰকিবুল হুছেইনে অজন্তা নেওগ,ৱাজেদ আলি চৌধুৰীকে ধৰি কেবাজনো বিধায়কক লগত লৈ বুধবাৰে উভতি আহিল গুৱাহাটীলৈ। বৰঝাৰ বিমান বন্দৰত সাংবাদিকৰ সৈতে সাক্ষাতত কিন্তু এই সন্দৰ্ভত মুখ নুখুলিলে ৰকিবুল হুছেইনে ৷ বাৰে বাৰে সাংবাদিকে সুধিলেও দলীয় কোনো কথাই নক'লে ৰকিবুল হুছেইনে। ইয়াৰ বিপৰীতে বৰঝাৰ বিমান বন্দৰত কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাহে কৈ নিজৰ মন্তব্য সামৰিলে ৰকিবুল হুছেইনে ৷ দিল্লীৰ সন্দৰ্ভত ৰকিবুল হুছেইনে কয় যে, কংগ্ৰেছ বিধায়কৰ দলটো কোনো দলীয় কাৰণত দিল্লী যোৱা নাই ৷ যোৱা বৰ্ষৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত হাইকমাণ্ডৰ লগত আলোচনা কৰিবলৈহে বিধায়কৰ দলটো দিল্লীত গৈছিল ৷ লগতে ৰকিবুল হুছেইনে জনাই যে বিগত বৰ্ষতকৈ বৰ্তমানে ৰাজ্যসভাত কংগ্ৰেছ সাংসদৰ সংখ্যা যথেষ্ট কম ৷ গতিকে উক্ত বিধেয়কখনৰ সন্দৰ্ভত কংগ্ৰেছ বৰ্তমানন যথেষ্ট চিন্তিত হৈ পৰিছে ৷

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো কংগ্ৰেছ দলটোত চলি আছে মতবিৰোধ ৷ কিয়নো কংগ্ৰেছ দলটোৱে আৰম্ভণিৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি অহাৰ বিপৰীতে শিলচৰৰ সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থন আগবঢ়াইছে ৷ বৰ্তমান এই লৈও কংগ্ৰেছ দলটোৰ মাজত চলি আছে যথেষ্ট বিতৰ্ক ৷

আৰু চাওঁক:গান্ধী পৰিয়ালৰ সুৰক্ষা বাতিলঃ যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল নতুন দিল্লী

ABOUT THE AUTHOR

...view details