গুৱাহাটী, ৬ জুন: মূৰৰ ওপৰত ৩৫ ডিগ্ৰী চেণ্টিগ্ৰেড তাপমাত্ৰা, অনুভৱত ৫১ ডিগ্ৰী চেণ্টিগ্ৰডৰ গ্ৰীষ্মদাহ ৷ তাৰ মাজতে দিছপুৰত অসম বিধানসভাৰ অধ্যক্ষৰ আবাসৰ সমুখত গছৰ তলত বহি থকা দেখা গ’ল এজন বিধায়কক ৷ এক ব্যতিক্ৰমী প্ৰতিবাদ বিধায়কজনৰ ৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুৎ মাচুলক লৈ কৰা এক অসংবেদনশীল মন্তব্যই ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ৷ এই মন্তব্যৰ প্ৰতিবাদ কৰাৰ লগতে সামাজিক মাধ্যমত নেটিজেনসকলে শ্লেষৰে উপচাই পেলাইছে (Biswajit Daimary controversy) ৷
পিছ পৰি থকা নাই ৰাজ্যৰ ৰাজনীতিবিদসকলো ৷ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুতৰ খৰচ ৰাহি কৰিবলৈ দিয়া পৰামৰ্শ মানি দিছপুৰত গছৰ ছাঁত বহি ভৰ দুপৰীয়া বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই কৰিলে অভিনৱ প্ৰতিবাদ ৷ কংগ্ৰেছ বিধায়ক তথা এপিচিচিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে’ পুৰকায়স্থই মঙলবাৰে বিধানসভাৰ অধ্যক্ষৰ দিছপুৰৰ চৰকাৰী আবাসৰ সমুখত গছৰ তলত বহি প্ৰতিবাদ সাব্যস্ত কৰে (Congress MLA protest in Assam) ৷
পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্যৰ বিৰোধিতা কৰি বিধায়ক কমলাক্ষ্যই কয় যে, এখন কল্যাণকামী ৰাষ্ট্ৰৰ জনপ্ৰতিনিধিৰ মুখত এনে মন্তব্যই শোভা নাপায় ৷ আনহাতে বিশ্বজিৎ দৈমাৰীৰ মন্তব্যই বৰ্তমান ৰাজ্যখনৰ অৰ্থনৈতিক দুৰাৱস্থা উদঙাই দেখুওৱা বুলিও মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ (Biswajit Daimary comments on electricity tariff) ৷
লগতে পঢ়ক:Ripun criticizes Assam Govt: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক শোষণকাৰী আখ্যা ৰিপুণ বৰাৰ
“যিসময়ত দিল্লী, ৰাজস্থান, কৰ্ণাটক আদিত ১০০ ৰ পৰা ২০০ ইউনিটলৈকে বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হৈছে, সেই সময়ত আমাৰ অসমত বিজেপি চৰকাৰে সদায়েই ৩০ পইচা, ৭০ পইচাকৈ বিদ্যুত মাচুল বৃদ্ধি কৰি আছে ৷ এয়া দুৰ্ভাগ্যজনক ৷” এইদৰে মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভপতি গৰাকীয়ে (MLA Kamalakhya Dey Purkayastha in protest) ৷
তেওঁ লগতে কয়, “এইখন চৰকাৰ আৰু বিজেপিৰ দায়িত্বশীল নেতাই অসমৰ ৰাইজক বাৰম্বাৰ ঠাট্টা কৰি আহিছে ৷ আগতে কৈছিল ২৪ ঘণ্টাই বিদ্যুৎ দিব ৷ এতিয়া স্বয়ং বিধানসভাৰ অধ্যক্ষই বিদ্যুতৰ কথা সুধিলে ৰাইজক গছৰ তলত বহিবলৈ কয় ৷ মূল্যবৃদ্ধিৰ কথা সুধিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কমকৈ খাবলৈ কয় ৷ ইয়াতকৈ পৰিতাপৰ কথা কি হ’ব পাৰে ?”
এফালে উৎকট গৰম আৰু আনফালে অনিয়মীয়া বিদ্যুৎ যোগান । অসহনীয় গ্ৰীষ্ম প্ৰৱাহৰ মাজতে বিদ্যুতৰ মাচুল পুনৰ বৃদ্ধি কৰা প্ৰসংগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা এই অদ্ভুত তথা চূড়ান্ত তাচ্ছিল্যসূচক মন্তব্যক লৈ এতিয়া ৰাজ্য উত্তাল হৈ পৰিছে ।
লগতে পঢ়ক:Electricity price hike: বিদ্যুতৰ খৰচ কমাবলৈ ফেন বন্ধ কৰি গছৰ তলত বহক ; বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ
উৎকট গৰমত অনিয়মীয়া বিদ্যুৎ যোগানে জলা-কলা খুৱাইছে ৰাজ্যবাসীক । যোৱা দেওবাৰে বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰসংগত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, “ফেন-চেন নলগাব, গছৰ তলত বহিব, বিদ্যুতৰ মাচুলৰ খৰচ কমি যাব । চৰকাৰৰ নিজা ফাৰ্মহাউচ নাই আৰু বিদ্যুৎ কিনা কোম্পানীক টকা দিবলৈ চৰকাৰে ৰাইজৰ পৰাই ল'ব লাগিব ।” বিদুৎ মাচুল আৰু বিদ্যুৎ কৰ্তনে নাকনি-কাননি খুওৱা ৰাইজৰ মাজত যেন জ্বলা জুইত ঘিউহে ঢালিলে বিশ্বজিৎ দৈমাৰীয়ে ।