অসম

assam

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 3:09 PM IST

Updated : Sep 9, 2023, 3:37 PM IST

ETV Bharat / state

Bihu Distortion in G20: বিহু নৃত্যৰ বিকৃতকৰণ; মুখ্যমন্ত্ৰীৰ দায়সৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

G-20 সন্মিলনত বিহুক বিকৃত কৰা সন্দৰ্ভত মৌনীবুদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ নিদি আঁতৰি থাকে হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে অসম কংগ্ৰেছ ৷ মুখ্যমন্ত্ৰীক ইয়াৰ উত্তৰ দিয়াৰ দাবী প্ৰদেশ কংগ্ৰেছৰ ৷

Bihu Distortion in G20
Bihu Distortion in G20

G-20 সন্মিলনত বিহুক বিকৃত কৰা সন্দৰ্ভত মৌনীবুদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 9 ছেপ্টেম্বৰ: G-20 সন্মিলনলৈ বহিঃৰাষ্ট্ৰৰ নেতাক আমন্ত্ৰণ কৰাৰ বাবে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ নামত বিকৃত কৰা হ’ল অসমীয়াৰ বাপতিসাহোন বিহুক ৷ ইয়াকে লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা দায়সৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷

বিশ্ববাসীৰ সমুখত সমগ্ৰ অসমবাসীক শাসক পক্ষই লজ্জানত কৰা বুলি অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাই । শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাতুল কলিতাই এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমা খোজাৰ বাবে দাবী জনায় ।

উল্লেখ্য যে G-20 সন্মিলনৰ বাবে শুকুৰবাৰে দিল্লীত উপস্থিত হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক ৷ নতুন দিল্লীৰ বিমান বন্দৰত বিহুনৃত্যৰে আদৰণি জনোৱা হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷ কিন্তু বিহুনৃত্যৰ নামত অসমীয়াৰ বিহু নৃত্যক চৰম বিকৃত ৰূপত প্ৰদৰ্শন কৰা দেখা যায় । নতুন দিল্লীৰ বিমান বন্দৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সম্মুখত বিকৃত ৰূপত বিহু নৃত্য প্ৰদৰ্শন কৰা হৈছিল । এই ক্ষেত্ৰত সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া হয় ।

ৰাতুল‌ কলিতাই কয় যে এয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক । শাসক পক্ষই বিহু নৃত্যক বিকৃত কৰি অসমীয়া জাতিক উপলুঙা কৰিছে । ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব । এই বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এৰি চলিলে নহ’ব । বিশ্ব সমুদায়ৰ সন্মুখত বিহু নৃত্যৰ বিকৃতকৰণ কৰি মুখ্যমন্ত্ৰী মৌন হৈ থাকিলে নহ'ব । এই বিষয়ে অসমবাসীক স্পষ্ট কৰিব লাগিব ।

উল্লেখ্য যে বিভিন্ন বিষয়ত সততে সোচ্চাৰ হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পিচত সাংবাদিকে এই বিষয়ত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকা দেখা যায় । মুখ্যমন্ত্ৰীয়ে স্পৰ্শকাতৰ আৰু অসমীয়াৰ আৱেগৰ লগত জড়িত বিষয়টোৰ সন্দৰ্ভত বিশেষ কোনো মত নিদিয়াকৈ আঁতৰি থাকে ।

লগতে পঢ়ক:Bihu Distortion in G20 Summit : বিশ্ব সমুদায়ৰ সন্মুখত বিহু নৃত্যৰ বিকৃতকৰণ, মৌন মুখ্যমন্ত্ৰী

Last Updated : Sep 9, 2023, 3:37 PM IST

ABOUT THE AUTHOR

...view details