গুৱাহাটী, ১৩ মে’ :কৰ্ণাটকত কংগ্ৰেছে অপ্ৰতিৰোধ্য গতিৰ ইংগিত বহন কৰাৰ লগে লগে দেশজুৰি কংগ্ৰেছ দলৰ মাজত উচাহৰ লহৰ পৰিলক্ষিত হৈছে (Congress Crosses Halfway Mark in Karnataka Election) । কৰ্ণাটক নিৰ্বাচনৰ চলি থকা ভোটগণনাৰ ফলাফলত কংগ্ৰেছ দল বৃহৎ জয়ৰ দিশে গতি কৰাৰ লগে লগে দেশৰ লগতে অসমতো কংগ্ৰেছ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে (Karnataka election result 2023) ।
গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মুখ্য সদৰ ৰাজীৱ ভৱনত এতিয়া উৎসৱমুখৰ পৰিৱেশ । কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলত কংগ্ৰেছৰ অগ্ৰগতিকলৈ ৰাজীৱ ভৱনত দীৰ্ঘ বিৰতিৰ পাচত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে কৰ্ণাটকৰ জনাদেশকলৈ উৎফুল্লিত হৈ নাচ-গানেৰে মুখৰিত কৰি তোলে ৰাজীৱ ভৱন ।
প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই মিঠাই বিতৰণ কৰি কৰ্ণাটকৰ জয়ৰ আনন্দত মতলীয়া হৈ পৰে । দীৰ্ঘ বিৰতিৰ পাচত যেন কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙিছে । সকলোৱে মুক্ত মনেৰে এই মূহুৰ্তক উপভোগ কৰিছে । এক প্ৰকাৰ আজি ৰাজীৱ ভৱন আনন্দৰ বন্যাত উঠি-ভাহি গৈছে ।