অসম

assam

ETV Bharat / state

SI কাণ্ডৰ CID ৰ অনুসন্ধানত অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছ

উপযুক্ত মেধাবী প্ৰাৰ্থীৰ বিপৰীতে বিজেপি নেতাৰ ভাগিন ভতিজাইহে নিযুক্তি পাই এইখন চৰকাৰৰ দিনত। মুখ‍্যমন্ত্ৰীয়ে এই দালাল চক্ৰটোক উৎখাত কৰিব নোৱাৰিলে তেওঁক অসমৰ ৰাইজে বিশ্বাসত নল'ব।" এই মন্তব্য দিলীপ শৰ্মাৰ।

assam congres unsatisfied CID invastigations  SI scam
SI কাণ্ডৰ CID ৰ অনুসন্ধানত অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছ

By

Published : Sep 27, 2020, 4:52 PM IST

গুৱাহাটী, 27 ছেপ্তেম্বৰঃ শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত আটক হৈছে ইজনৰ পাছত সিজন বিজেপিৰ পালিনেতা। মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া খৰটকীয়া কৰিবলৈ কাঢ়া নিৰ্দেশ দিছে। কিন্তু মুখ‍্যমন্ত্ৰীৰ এই নিৰ্দেশ আৰু কেলেংকাৰীৰ সন্দৰ্ভত চলি থকা তদন্তত সন্তুষ্ট নহয় প্ৰদেশ কংগ্ৰেছ। তদন্ত প্ৰক্ৰিয়া CID ৰ হাতৰ পৰা CBI ক দি উচ্চ ন‍্যায়ালয়ৰ এজন কৰ্মৰত ন‍্যায়াধীশৰ জড়িয়তে কৰিব লাগে ৷ দেওবাৰে এক সংবাদমেল যোগে এই দাবী উত্থাপন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দিলীপ শৰ্মাই।

SI কাণ্ডৰ CID ৰ অনুসন্ধানত অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছ

শৰ্মাৰ মন্তব্য , SI কেলেংকাৰী খান্দিব গ'লে বহু ৰৌ বৰালি জালত পৰিব। তদন্ত উচিত পৰ্যায়ত চলিলে প্ৰশাসনৰ অন্ধকাৰ জগতখনৰ বহু কথা ওলাই পৰিব। বৰ্তমানৰ চৰকাৰখনে তেওঁলোকৰ অঙহি বঙহীক সংস্থাপন দিবলৈকে পৰীক্ষা পাতে। পূৰ্বৰ সকলো পৰীক্ষাত ইয়াৰ উদাহৰণ পোৱা গৈছে। উপযুক্ত মেধাবী প্ৰাৰ্থীৰ বিপৰীতে বিজেপি নেতাৰ ভাগিন ভতিজাইহে নিযুক্তি পাই এইখন চৰকাৰৰ দিনত। মুখ‍্যমন্ত্ৰীয়ে এই দালাল চক্ৰটোক উৎখাত কৰিব নোৱাৰিলে তেওঁক অসমৰ ৰাইজে বিশ্বাসত নল'ব।" এই মন্তব্য দিলীপ শৰ্মাৰ।

ইপিনে প্ৰদেশ কংগ্ৰেছৰ অভিযোগ, বৰ্তমান অসম আৰক্ষী দুটা ভাগত বিভক্ত হৈ আছে। এটা ভাগে তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগুৱাই নিব বিচাৰে যদিও কেলেংকাৰীত জড়িত এটা ভাগে সমগ্র বিষয়টো বিপথে পৰিচালিত কৰিছে। উল্লেখযোগ্য যে, আৰক্ষীৰ নিযুক্তিত সংঘটিত হোৱা বিসংগতিৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ‍্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ‍্যক্ষ পদৰ পৰা দেওবাৰে পদত্যাগ কৰিছে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া প্ৰদীপ কুমাৰে।

লগতে পঢ়কঃ গণৰোষৰ বলি ছাগলী চোৰ

ABOUT THE AUTHOR

...view details