গুৱাহাটী, 21 নৱেম্বৰ : ‘‘বাৰম্বাবাৰ মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী, শিক্ষা উপদেষ্টাক লগ কৰি আহিছো । তেওঁলোকে আমাৰ সমস্যা সমাধানৰ বাবে আশ্বাস দি আহিছে ৷ কিন্তু আজিলৈ সমাধান নহ’ল । সেয়ে আমাৰ দাবী, সমস্যা সমাধান কৰি ন্যায় প্ৰদান কৰক ৷’’ এই ভাষ্য অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড৹ জয়ন্ত বৰুৱাৰ ৷
উল্লেখ্য যে, মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম কলেজ শিক্ষক সংস্থাই সম্বোধন কৰে এক সংবাদমেল ৷ শিক্ষক সংস্থাৰ দাবী- অসম কলেজ শিক্ষকৰ দীৰ্ঘদিনীয়া দাবীসমূহ চৰকাৰে শীঘ্ৰেই সমাধান কৰি দিয়ক ৷ চৰকাৰে যদিহে তেওঁলোকৰ সমস্যা শীঘ্ৰেই সমাধান নকৰে তেন্তে আগন্তুক সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে অসম কলেজ শিক্ষক সংস্থাই ।
এই সংবাদমেলতে অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড৹ জয়ন্ত বৰুৱাই আৰু কয়, ‘‘চৰকাৰ তথা শিক্ষা বিভাগে সহযোগী অধ্যাপকলৈ পদোন্নতিৰ তালিকা প্ৰকাশ কৰাৰ লগতে সহকাৰী অধ্যাপকৰ প্ৰস্তুত কৰি ৰখা পদোন্নতি তালিকাখনো প্ৰকাশ কৰিব লাগে ৷