অসম

assam

By

Published : Dec 22, 2021, 12:56 PM IST

ETV Bharat / state

Assam assembly winter season : তিনি বছৰত ২৫,৭৬৯.২২ কোটি টকাৰ GST সংগ্রহ

বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে প্রকাশ কৰা তথ্য অনুসৰি কেন্দ্রীয় চৰকাৰৰ পৰা জি এছ টি ক্ষতিপূৰণ হিচাপে অসমে ৩০৫৬ কোটি টকা লাভ কৰিছে (Assam received 3056 crore as GST compensation) । আনহাতে এই সময়চোৱাত ২০১৮-১৯ বৰ্ষত ৮৪০২.৩ কোটি টকা, ২০১৯-২০ বৰ্ষত ৮৭৫৫.৩০ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ৮৬১১.৬২ কোটি টকা সংগ্রহ হৈছে ।

Assam assembly winter season
তিনি বছৰত ২৫৭৬৯ কোটি টকাৰ GST সংগ্রহ

গুৱাহাটী, ২২ ডিচেম্বৰ :বিগত তিনিটা বিত্তীয় বর্ষত ৰাজ্যখনত ২৫,৭৬৯.২২ কোটি টকা জি এছ টি সংগ্রহ হৈছে (Assam collected GST worth 25769 crore in 3 years) । কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ এটা লিখিত প্রশ্নৰ উত্তৰত বিত্তমন্ত্রী অজন্তা নেওগে প্রকাশ কৰা তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষত ৮৪০২.৩ কোটি টকা, ২০১৯-২০ বৰ্ষত ৮৭৫৫.৩০ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ৮৬১১.৬২ কোটি টকা সংগ্রহ হৈছে ।

আনহাতে, এই সময়চোৱাত ঘাটি হোৱা কৰৰ ক্ষতিপূৰণ হিচাপে কেন্দ্রীয় চৰকাৰৰ পৰা জি এছ টি ক্ষতিপূৰণ হিচাপে ৩০৫৬ কোটি টকা লাভ কৰিছে (Assam received 3056 crore as GST compensation) । পৰৱৰ্তী ২০১৮-১৯ বৰ্ষত ৪৫৫ কোটি টকা, ২০১৯-২০ বৰ্ষত ১২৮৪ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ১৩১৭ কোটি টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিছে ।

তিনি বছৰত ২৫৭৬৯ কোটি টকাৰ GST সংগ্রহ

তথ্য অনুসৰি, বিগত তিনিটা বিত্তীয় বৰ্ষত জি এছ টি পঞ্জীয়ন কৰা কয়লা ব্যৱসায়ীসকলৰ অধিকাংশই পিছত পঞ্জীয়ন বাতিল কৰিছে । ২০১৮-১৯ বৰ্ষত ২৬৭২ জন কয়লা ব্যৱসায়ীয়ে পঞ্জীয়ন কৰিছিল যদিও তাৰে ১৩৬৯ জনে বাতিল কৰে ।

২০১৯-২০ বৰ্ষত পঞ্জীয়ন কৰা ৩৩০৩ জনৰ ১৬৬৮ জনে আৰু ২০২০-২১ বৰ্ষত পঞ্জীয়ন কৰা ৩৬৯৫ জনৰ ১৭৮৩ জনে পঞ্জীয়ন বাতিল কৰিছে ।

লগতে পঢ়ক :Border dispute in Assam : শীঘ্ৰেই সীমা বিবাদৰ সমাধান সূত্ৰ ওলাব বুলি আশা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details