গুৱাহাটী,১৩ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে লাভ কৰা দহ কোটি টকাৰ ৰাজসাহাৰ্যক লৈ সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ । সমান্তৰালকৈ ইয়াৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এক কথাত টুইটাৰত যুঁজত লিপ্ত হৈছে সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।
উল্লেখ্য যে অভিযোগ অনুসৰি নগাওঁ জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰিগজি গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি । যি কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰিছে । মাত্ৰ ১০ মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য ।
সংবাদ মাধ্যমত এই অভিযোগ সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ উপৰি সামাজিক মাধ্যমত বিষয়টো বিশেষভাৱে চৰ্চিত হৈ আছে । বিভিন্ন দল-সংগঠনেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
এনে প্ৰতিক্ৰিয়াৰ মাজতে মঙলবাৰে সাংসদ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ এখন ধুনীয়া আলোকচিত্ৰ । যিখন আলোকচিত্ৰত দুয়োৰে মাজত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
এই ফটোখন শ্বেয়াৰ কৰি সাংসদ গৌৰৱ গগৈয়ে লিখিছে, ‘‘আদৰণীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, আপোনাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ দ্বাৰা পৰিচালিত ব্যক্তিগত কোম্পানী এটাক ১০ কোটি টকাৰ ৰাজসাহায্য দিছে । এইয়া ৰেবড়ী নে ৰাবৰি ? এই কাৰণেই নেকি মানুহে কৰ দি আছে ?’’
ইয়াৰ পিছত আজি টুইট কৰি সাংসদ গৌৰৱ গগৈয়ে লিখিছে,‘‘প্ৰধানমন্ত্রী মোদীয়ে দেশৰ কৃষকৰ আয় দুগুণ কৰাৰ বাবে কিষাণ সম্পদ যোজনা মুকলি কৰিছিল । কিন্তু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰভাৱ খটুৱাই নিজৰ পত্নীৰ ফাৰ্মৰ নামত ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাত সহায় কৰিছে । বিজেপিক সমৃদ্ধ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অৰ্থ নেকি ?’’