গুৱাহাটী, ২৬ মে': দেশৰ ভিতৰত হয়তো অসমেই হ'ব প্ৰথমখন ৰাজ্য, য'ত এতিয়াৰে পৰা সপ্তাহটোত কোনো বন্ধৰ দিন নাথাকিব মুখ্যমন্ত্ৰীৰ সচিবালয়ত । সাপ্তাহিক বন্ধতো দুৰৈৰে কথা, দিনটোৰ ২৪ ঘন্টাই খোলা থাকিব মুখ্যমন্ত্ৰীৰ সচিবালয় । এই নতুন আৰু ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেটে । অৱশ্যে এই সম্পৰ্কত এই পৰ্যন্ত কোনোধৰণৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি হোৱা নাই ।
কিন্তু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সূত্ৰই ইটিভি ভাৰতৰ আগত নিশ্চিত কৰিছে এই কথা । সূত্ৰটোৱে প্ৰকাশ কৰা মতে, ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ২৪ ঘন্টাই তেওঁৰ সচিবালয় খোলা ৰখাৰ মৌখিক নিৰ্দেশ দিছে । আনহাতে সমান্তৰালভাৱে মন্ত্ৰীসভাৰ অন্যান্য সদস্যসকলকো কমেও নিশা ১০ বজালৈ জনতা ভৱনৰ কাৰ্যালয়ত উপস্থিত থকাৰ বাবে মৌখিক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷