গুৱাহাটী,২৫ অক্টোবৰ: মঙলবাৰে গুৱাহাটীৰ পাণবজাৰৰ পুৰণি উপায়ুক্ত কাৰ্যালয়ৰ স্থানত চলি থকা নিৰ্মাণকাৰ্যৰ লগতে প্ৰস্তাৱিত ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্পৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Vsited old DC office site at PanBazar) । নিৰ্মাণৰ কাম কাজ পৰিদৰ্শন কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত এই কামসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।
পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘাল (Minister Ashok Singhal) , শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ (DC Pallav Gopal Jha) লগতে ৰাজ্য চৰকাৰৰ কেবা়জনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । উল্লেখ্য যে, গুৱাহাটীত নদী পৰ্যটনৰ বাবে নিৰ্মাণ কৰা হ'ব অত্যাধুনিক প্ৰকল্প (Brahmaputra riverfront beautification project) । ব্ৰহ্মপুত্ৰ হেৰিটেজৰ পৰা পুৰণি SP কাৰ্যালয়লৈকে পৰ্যটনৰ বাবে নিৰ্মাণ হ'ব এখন প্ৰাকৃতিক উদ্যান ৷ এই উদ্যানলৈ আহি নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব পৰ্যটকসকলে । উদ্যানখনত পৃথকে পৃথকে চলি আছে ইয়াৰ নিৰ্মাণ কাৰ্য ।
এই প্ৰকল্পত ফুলনি বাগিছা, খোজ কৰাৰ বাবে সুবিধা থকাৰ লগতে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ GMDAৰ অধীনত নিৰ্মাণকাৰ্য চলা এই প্ৰকল্পটোৰ পদুমপুখুৰী, পুৰণি SP ভৱনৰ পৰা SBI লৈ থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ অংশটো আগন্তুক ব'হাগ বিহুৰ আগতে মুকলিৰ চিন্তা চৰ্চা কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।