অসম

assam

By

Published : Nov 30, 2021, 1:14 PM IST

Updated : Nov 30, 2021, 5:18 PM IST

ETV Bharat / state

Mob Lynching in Jorhat: ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনা (Jorhat mob lynching case) সম্পৰ্কে বিশেষ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (আইন-শৃংখলা) জিপি সিঙক ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ মুখ্যমন্ত্ৰীৰ (GP Singh to probe Jorhat mob lynching case)। ফাষ্ট ট্ৰেক আদালতত হ’ব দোষীৰ বিচাৰ ৷

Jorhat mob lynching case
জিপি সিঙক ঘটনাৰ তদন্তৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ

গুৱাহাটী,৩০ নৱেম্বৰ :যোৰহাটত সোমবাৰে সংঘটিত অমানৱীয় কাণ্ডক (Jorhat mob lynching case) লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সমগ্ৰ ঘটনা সন্দৰ্ভত শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে । লগতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ ।

এমাহৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিবলৈও অসম আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে (GP Singh to probe Jorhat mob lynching case) ৷ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত ।

যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনাত (Jorhat Mob Lynching case) নিহত অনিমেষ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ উল্লেখ্য যে, ইতিমধ্যে এই ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :Jorhat Mob Lynching: প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সভাপতি-সম্পাদকৰ

Last Updated : Nov 30, 2021, 5:18 PM IST

ABOUT THE AUTHOR

...view details