নেশ্যনেল ডেস্ক,১৫ জুন :সাধাৰণ বৰষুণৰ পাছতে অসমৰ বিভিন্ন জিলা বানপানীৰ কৱলত পৰা দেখা গৈছে । অৱশ্যে চৰকাৰী পক্ষই দাবী কৰা মতে এই বানৰ কাৰণ চীন । চীনে নদীত অতিৰিক্ত পানী এৰি দিয়াৰ পাছতে উত্তৰ-পূবৰ ৰাজ্যখনত আকস্মিক বানৰ সৃষ্টি হয় । অসমৰ কেবিনেট মন্ত্ৰী যোগেন মহনে জনোৱা মতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চীনৰ সৈতে ব্ৰহ্মপুত্ৰৰ পানীৰ এই সমস্যা উত্থাপন কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে ।
অসমৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে কয় যে চীনে ব্ৰহ্মপুত্ৰত অতিৰিক্ত পানী এৰি দিয়াৰ বিষয়টো অসমৰ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰায়লক দৃষ্টিগোচৰ কৰিছে । মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (এনডিএমএ) সৈতেও বিষয়টো আলোচনা কৰিছে ।
ইটিভি ভাৰতৰ সন্মুখত যোগেন মহনে কয় যে প্ৰতি বছৰে অসমে বানপানীৰ সমস্যাৰ সন্মুখীন হয় । চীনে অতিৰিক্ত পানী ব্ৰহ্মপুত্ৰত এৰি দিয়াৰ পাছতে পৰিস্থিতি অধিক অৱনতি হয় বুলি তেওঁ দাবী কৰে । নদীৰ ওপৰ অংশত ধাৰাষাৰ বৰষুণৰ বাবে চুবুৰীয়া চীনে ব্ৰহ্মপুত্ৰ নদীত (তিব্বতৰ য়াৰলুং চাংপো নামেৰে জনাজাত) অতিৰিক্ত পানী এৰি দিয়ে ।
মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে এনে অতিৰিক্ত পানীৰ ফলত অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ জিলাসমূহত জটিল পৰিস্থিতিৰ সৃষ্টি হয় । কেন্দ্ৰীয় চৰকাৰে মাজে মাজে বেইজিঙৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পানীৰ সমস্যা উত্থাপন কৰে । অসমত আসন্ন বান পৰিস্থিতিৰ পাছত ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যখনৰ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক এই বছৰ বানপানীৰ সম্ভাৱনা থকা জিলা হিচাপে চিনাক্ত কৰিছে ।