গুৱাহাটী, 21 এপ্ৰিল :ৰাজ্যৰ সকলো খণ্ডৰ কাম-কাজৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ লগতে বিশেষকৈ কৃষি কৰ্মত ব্যৱস্থা গ্ৰহণ কৰাত তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। কৃষিকৰ্মৰ লগত জড়িত লোকসকলক খেতিপথাৰত সামাজিক দুৰত্ব বৰ্তাই ৰাখি কাম যাতে কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে চাহ উদ্যোগসমূহতো একে পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিছে। মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে যে,অসমৰ চাহ বাগিচাৰ চৰ্দাৰ আৰু লাইন চকীদাৰৰ লগত ইতিমধ্যে আলোচনাত মিলিত হৈছে ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক - জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক বৈঠক
মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত উপস্থিত থাকে সিদ্ধাৰ্থ ভট্টাচাৰ্য,অতুল বৰা আৰু ৰমেন্দ্র নাৰায়ণ কলিতা। কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন মৰ্মে অসমৰ সকলো স্থানত ইতিমধ্যেই কাম আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে,অসমৰ প্ৰতিগৰাকী লোকক কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। আনহাতে চৰকাৰী সাহাৰ্যৰ ক্ষেত্ৰত অধিক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে তেওঁ। চৰকাৰৰ সাহাৰ্য প্ৰদানক লৈ বহু সময়ত অভিযোগ উত্থাপন হোৱা হেতুকে ইয়াৰ বিৰুদ্ধে উচিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে । আনহাতে কামৰূপ জিলা প্ৰশাসনক 24 ঘন্টাই সক্ৰিয় হৈ থাকিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । সকলো জিলাৰ ভিতৰত কামৰূপ মেট্ৰ’ত অধিক দৃষ্টি ৰাখি ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।
উল্লেখ্য যে,ৰমজান মাহৰ বাবে ৰাজ্যত ফল-মূলৰ অধিক প্ৰয়োজন হৈ পৰিছে। এই সন্দৰ্ভত ফল-মূল ব্যৱসায়ীসকলক পৰ্যাপ্ত পৰিমাণৰ ফল-মূল গুদামত ৰাখিবলৈ নিৰ্দেশ দিছে । লগতে ফলমূল ব্যৱসায়ী সকলক ৰমজান উপলক্ষে ফল-মূলৰ দাম বৃদ্ধি নকৰিবলৈ আহ্বান জনাইছে । আনহাতে,ৰামজানত সামাজিক দূৰত্ব বৰ্তাই ৰাখি ঘৰতে নামাজ পঢ়িবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ।
লগতে পঢ়ক : অসামৰিক সেৱা দিৱসঃ আমোলাসকলক ধন্যবাদ জ্ঞাপন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ