গুৱাহাটী, ১ জানুৱাৰী : পৰম্পৰা ৰক্ষা কৰি নতুন বছৰৰ প্ৰথম দিনটোত সাংবাদিকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । পূৰ্বৰ বছৰকেইটাৰ দৰে আজিও অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয় যে, সংবাদ মাধ্যমে চৰকাৰখনৰ সকলো কামকাজৰ ওপৰত অহৰ্নিশে দৃষ্টি ৰাখি ভুল দেখিলে তাক আঙুলিয়াই দিব লাগে ৷ চৰকাৰৰ কাম-কাজৰ সমালোচনা কৰাটো খুবেই প্ৰয়োজনীয় বুলি উল্লেক কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
সৰ্বানন্দ সোণোৱালে কয় যে, "মই সমালোচনা ভালপাওঁ । সংবাদ মাধ্যম যিমানেই কঠোৰ হয় সিমানেই চৰকাৰখনৰ বাবে মংগল । সমালোচনা নাথাকিলে আমি দিশহাৰা হৈ যাম । ভুলবোৰ আঙুলিয়াই দিবলৈ কোনোবাতো থাকিব লাগিব । শৃংখলাবদ্ধতা কেৱল ঘৰখনতে নহয়, সমাজখনতো লাগিব ।"
সাংবাদিকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নৱবৰ্ষৰ এই বাৰ্তালাপ অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, অসমৰ সমাজখনে যোৱা সময়চোৱাত সংযমী আচৰণ আৰু সহনশীলতা প্ৰদৰ্শন কৰি আহিছে, যি এক শুভ লক্ষণ । যাৰ বাবে বৰ্তমানৰ চৰকাৰৰ শাসনকালত ৰাজ্যখনত ক’তো কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি হোৱা নাই । অসমৰ প্ৰতিগৰাকী অভিভাৱকৰ প্ৰতি নতুন বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীৰ আহ্বান- ‘‘সকলোৱে নিজৰ সন্তানক শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি গঢ়ি তোলক । তেহে অসমীয়া জাতি জাকত জিলিকা হ’ব’’ ।
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, বিগত চাৰে চাৰি বছৰত অসমত ৮ কোটি ৫০ লাখ গছপুলি ৰোপণ কৰা হৈছে । ২২২ বৰ্গ কিলোমিটাৰ বনাঞ্চল অসমত বৃদ্ধি পাইছে বুলিও তেওঁ মন্তব্য কৰে । আনহাতে, ৰাজহুৱাকৈ যাতে কোনো বিশেষ দিনত যিকোনো লোকেই এটা গছপুলি ৰোপণ কৰিব পাৰে তাৰ বাবে চৰকাৰে এটুকুৰা নিৰ্দিষ্ট ভূমিৰ ব্যৱস্থা কৰিব বুলিও তেওঁ ঘোষণা কৰে । এই অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ আৰু ৰবিশংকৰ ৰবিৰ দুখন গ্ৰন্থও মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে ।
লগতে পঢ়ক :অসমলৈ গোপন সুৰংগ পথেৰে আহে বাংলাদেশী !