গুৱাহাটী, ১ ডিচেম্বৰ:গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত বৃহস্পতিবাৰে লোকনিৰ্মাণ (পথ) বিভাগৰ বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma) । বৈঠকত লোক নিৰ্মাণ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ ২৫ হাজাৰ কোটি টকাৰ অনুদানেৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা হৈছে । কেন্দ্ৰৰ আৱণ্টিত ধনেৰে ডিমা হাচাওৰ পথ নিৰ্মাণ, কাঠৰ পৰিবৰ্তে দলং পকীকৰণ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে ।
কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্য আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা চলি থকা বিভিন্ন আঁচনি কেনেকৈ নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত কৰিব পৰা যায় তাৰ আজিৰ বৈঠকত পৰ্যালোচনা কৰা হয় । আনহাতে ঠিকাদাৰৰ প্ৰসংগত বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে মূল কথাটো হ'ল যে ৰাইজক ৰাস্তা বনাই দিব লাগে, ঠিকাদাৰৰ কল্পনাটো মই বহুত কৰি নাথাকো । কাৰণ ঠিকাদাৰক চাব গ'লে ৰাস্তা ক'ৰ পৰা হ'ব । গতিকে মোৰ কাম হৈছে ৰাইজক ৰাস্তা বনাই দিয়া আৰু তাৰ মাজত যিয়ে নিজকে যিধৰণে ফিট কৰিব পাৰে সেইধৰণে কৰিব । বাঘ-শিয়াল মই নাচাও, মই কেৱল ৰাস্তা চাম বুলি মুখ্যমন্ত্রীয়ে কয় ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় যে গুৱাহাটীত তিনিখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । উল্লেখ্য যে আজিৰ পৰ্যালোচনা বৈঠকত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ২,৬০৮ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত দলং সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় । সেইদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছিৰ ওপৰত ৩,১৯৭ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ'বলগীয়া দলং(Palashbari-Sualkuchi bridge), অসম মালাৰ অধীনৰ প্ৰকল্প(Asom Mala Project), প্ৰকল্পৰ খৰচ সন্দৰ্ভতো আলোচনা কৰে মুখ্যমন্ত্রীয়ে ।