অসম

assam

ETV Bharat / state

CM review meeting: দিছপুৰত মন্ত্ৰীবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক - কাজিৰঙাত অনুষ্ঠিত হৈ যোৱা চিন্তন শিৱিৰ

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবাগৰাকীও মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আমোলাসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ কাজিৰঙাৰ চিন্তন শিৱিৰত(Kazirang Chintan Sibir) লোৱা সিদ্ধান্তৰ সন্দৰ্ভত কৰা হয় আলোচনা ৷

CM Himanta Biswa Sarma
দিছপুৰত কেবিনেট মন্ত্ৰীসকলৰে সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

By

Published : Dec 13, 2022, 9:54 PM IST

Updated : Dec 13, 2022, 10:15 PM IST

গুৱাহাটী, 13 ডিচেম্বৰ : দিছপুৰৰ জনতা ভৱনত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবাগৰাকী মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আমোলাসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় (Himanta Biswa Sarma review meeting)৷ বৈঠকত যোৱা সময়চোৱাত কাজিৰঙাত অনুষ্ঠিত হৈ যোৱা চিন্তন শিৱিৰত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে বিশেষভাবে আলোচনা কৰা হয় ৷

দিছপুৰত কেবিনেট মন্ত্ৰীসকলৰে সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

ইয়াৰোপৰি ৰাজ্যত বৰ্তমানে ৰূপায়িত হৈ থকা বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰা হয় । উল্লেখ্য যে কাজিৰঙাত যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰৰলৈ আয়োজিত চিন্তন শিৱিৰত(Kazirang Chintan Sibir) চৰকাৰী বিভাগসমূহৰ বিভিন্ন কাম-কাজ আৰু কামৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছিল ।

দিছপুৰত কেবিনেট মন্ত্ৰীসকলৰে সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

শিৱিৰৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ বিভাগ আৰু মন্ত্ৰী বিষয়াসকলক কেতবোৰ নিৰ্দেশনা দিয়াৰ লগতে কেইবাটাও ঘোষণা কৰিছিল ৷ বিভিন্ন খণ্ডত যুৱক-যুৱতীসকলৰ বাবে সংস্থাপন সৃষ্টিৰ বাবে এটা ৫,০০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ সকলো বিভাগে ২০২৬ চনৰ বাবে অসমৰ বাবে তেওঁলোকৰ দৃষ্টিভংগীক উজ্জ্বল কৰি একচন পইণ্ট প্ৰস্তুত কৰিব লাগিব বুলি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

দিছপুৰত কেবিনেট মন্ত্ৰীসকলৰে সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

মন্ত্ৰী আৰু অধিকাংশ জ্যেষ্ঠ সচিবক একচন পইণ্ট কাৰ্যকৰী কৰিবলৈ এটা মূল গোট বনোৱাৰ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰীয়ে । কৰ্পৰেটসমূহে অসমলৈ অধিক অৱদান আগবঢ়াব পৰাকৈ এক মঞ্চ সৃষ্টি কৰিবলৈ চি এছ আৰ কনক্লেভৰ(Conclave on Corporate social responsibility) আয়োজন কৰাৰো নিৰ্দেশ দিছিল । মঙলবাৰৰ বৈঠকত সংশ্লিষ্ট বিভাগসমূহৰ মাননীয় মন্ত্ৰী আৰু জ্যেষ্ঠতম বিষয়াসকলক সুশৃংখলিত আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পসমূহৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে ।

ইয়াৰোপৰি ‘সবকা সাথ সবকা বিকাশ’ আৰু ‘সবকা প্ৰয়াস নীতি’ৰে ৰাজ্য চৰকাৰৰ প্ৰশাসন ব্যৱস্থা জনসাধাৰণকেন্দ্ৰিক কৰি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে ।

লগতে পঢ়ক :Ganga Vilas Cruise : নতুন বছৰৰ আৰম্ভণিতে গংগা বিলাসে ৰচনা কৰিব ইতিহাস

Last Updated : Dec 13, 2022, 10:15 PM IST

ABOUT THE AUTHOR

...view details