গুৱাহাটী, ২ আগষ্ট: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) আজি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক লোকনির্মাণ বিভাগ আৰু পৰিবহণ বিভাগৰ সৈতে এক যুটীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে । যাতে পথ দুৰ্ঘটনাৰ পৰিঘটনা হ্ৰাস কৰিবলৈ দুৰ্ঘটনা প্ৰৱণ অঞ্চলত প্ৰয়োজনীয় সুৰক্ষা নীতি প্ৰৱৰ্তন কৰাটো নিশ্চিত কৰিব পৰা যায় ।
উল্লেখ্য যে, মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত জিলা পৰিবহন বিষয়াসকলৰ সৈতে পৰিবহন বিভাগৰ পর্যালোচনামূলক বৈঠকত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই(Assam CM review meeting on transport department) । বৈঠকত মুখ্যমন্ত্রীয়ে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিভাগসমূহৰ সৈতে বৈঠকত মিলিত হৈ দুর্ঘটনাপ্ৰৱণ অঞ্চলসমূহত সংঘটিত পথ দুর্ঘটনাসমূহ মূল্যায়ণ আৰু বিশ্লেষণ কৰি বহুমূলীয়াজীৱন সুৰক্ষিত কৰিবলৈ অধিক সুৰক্ষা নীতি প্ৰৱৰ্তন কৰিব পৰাকৈ পৰামৰ্শ লৈ সেই দিশত কাৰ্যকৰীমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও নির্দেশ দিয়ে ।
তদুপৰি দুৰ্ঘটনা সংক্রান্তীয় মৃত্যুৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে বিগত এবছৰত পথ দুৰ্ঘটনাত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা জিলাসমূহত সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তগৰাকীক এখন সভা অনুষ্ঠিত কৰিবলৈ কয় ।
এই সভাত সকলো অংশীদাৰৰ সৈতে মিলিত হৈ দুৰ্ঘটনাসমূহ হ্রাস কৰাৰ উপায় উদ্ভাৱন কৰিবলৈও মুখ্যমন্ত্রীয়ে কয় । উক্ত বৈঠক অনুষ্ঠিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা জিলা উপায়ুক্ত সকললৈ এখন পত্ৰ প্ৰেৰণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ।
পথ দুৰ্ঘটনাসমূহৰ অধিকাংশই হেলমেট পৰিধান নকৰা বা চিটবেল্ট ব্যৱহাৰ নকৰাৰ বাবে সংঘটিত হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে পৰিবহন বিভাগ আৰু আৰক্ষীক এক বৃহৎ পষেকীয়া অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ নিয়ম মানি চলিবলৈ আৰু জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ এনে সজাগতাৰ সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয় ।
জনসাধাৰণৰ সুবিধার্থে মুখ্যমন্ত্ৰীয়ে পৰিবহন বিভাগক ‘সংস্পৰ্শ বিহীন সেৱা’ শিতানত অধিক সেৱা আগবঢ়াবলৈও নির্দেশ দিয়ে । বর্তমান পৰিবহন বিভাগত ৪০ টা সেৱা সংস্পৰ্শ বিহীন সেৱাৰ অধীনত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিভাগটোক এই শ্ৰেণীৰ অধীনত আৰু ৫ টা সেৱা অন্তৰ্ভূক্ত কৰিবলৈও কয় ।