কংগ্ৰেছে অমৃত কলহ অনুষ্ঠানক অপমান কৰিছে : মুখ্যমন্ত্ৰী গুৱাহাটী, ৮ অক্টোবৰ :‘‘কংগ্ৰেছ দলে বুজি পাই বিৰোধিতা কৰিছে নে বুজি নাপায় কৰিছে সেইটো তেওঁলোকেহে জানে । অমৃত কলহ যাত্ৰাৰ মাটি কনকলতা বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰা হ’ব । কংগ্ৰেছে অমৃত কলহ অনুষ্ঠানক অপমান কৰি কনকলতা বৰুৱাক অপমান কৰিছে নেকি ? সেই বিষয়ে কংগ্ৰেছে চিন্তা কৰা উচিত । আপত্তি কৰাৰ স্থান নাই, ইয়াক বিৰোধিতা কৰাক লৈ মই দুখ পাইছো’’ । অমৃত কলহ কাৰ্যসূচীক লৈ কংগ্ৰেছ তথা বিৰোধীয়ে কৰা সমালোচনা সন্দৰ্ভত শনিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘আমি অসমৰ সকলো বিধায়কক আমন্ত্ৰণ জনাইছিলো অমৃত কলহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে । চাবলৈ গ’লে আমিহে ৰাজনীতি কৰিব লাগিছিল । আমিহে বিৰোধীক মাতিব নালাগিছিল । কিন্তু তেওঁলোকক মাতি লাভ নাই ৷ যি কেইজন মাতিলে আহে তেওঁলোকৰ পিচত বিপদ হোৱাৰ সম্ভাৱনা থাকে’’।
তেওঁ আৰু কয়, ‘‘এইবাৰৰ পৰা কংগ্ৰেছ বিধায়কক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ দিব নে নাই সেই বিষয়ে ভূপেন বৰালৈ পত্ৰ লিখাৰ আহ্বান জনাইছো পীযুষ হাজৰীকাক । যদি মাতিব লাগে বুলি কয় মাতিম, নালাগে বুলি ক’লে নামাতো’’ ।
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, ‘‘কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়ক তথা কৰ্মকৰ্তাই অমৃত কলহ অনুষ্ঠানত অংশ লৈছে । তেওঁলোকে দেশৰ ভাল কাম এটাত অংশগ্ৰহণ কৰিছে । ইয়াত বিৰোধিতা কৰাৰ প্ৰয়োজন নাই’’ ।
আনহাতে, কংগ্ৰেছৰ বিধায়ক বিজেপিলৈ অহা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘কংগ্ৰেছৰ তিনিজন বিধায়কে নহয়, দহজনে অংশগ্ৰহণ কৰিছে । ইমান যদি বিজেপিৰ এজেন্ট আছে, ৰাজীৱ ভৱন তলা মাৰি দিয়ক । বিজেপিত এতিয়া ঠাই নাই । বিধানসভাত নতুনকৈ ২০০ খন মান আসন হ’লে লৈ আহিম কেইজনমানক’’ ৷
উল্লেখ্য যে, শনিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় মুখ্যমন্ত্ৰীৰ এক বিশেষ বৈঠক । এই বৈঠকত অসমৰ বিভিন্ন স্থানৰ পৰা অহা ৪০ জন কাৰ্যকৰ্তাক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উক্ত বৈঠকৰ পিচতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতে অনুষ্ঠিত কৰে প্ৰীতি চাহ মেল ।
লগতে পঢ়ক :Ek Asom Yatra in Tinsukia :17 দিনৰ অন্তত পূৱ প্ৰান্তৰ অন্তিমখন জিলাত উপস্থিত হ’ল এক অসম যাত্ৰা