অসম

assam

ETV Bharat / state

আলফা(স্বা)য়ে দুই যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে মুখ্যমন্ত্রীয়ে ? - আলফালৈ যোৱা যুৱক যুৱতীসকলৰ ভৱিষ্যত

চোৰাংচোৱাগিৰি তথা আলফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগত আলফা স্বাধীনে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ দুজন যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰিছে (Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ।

assam-cm-reacts-on-ulfa-i-killing-two-youth
আলফা(স্বা)য়ে দুই যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে মুখ্যমন্ত্রীয়ে ?

By

Published : May 7, 2022, 5:53 PM IST

গুৱাহাটী, ৭ মে': আলফা স্বাধীনে চৰম সিদ্ধান্ত গ্ৰহণ কৰি দুজন যুৱকক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM reacts on ULFA I killing two youth) । উল্লেখ যে চোৰাংচোৱাগিৰি তথা আলফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগত আলফা স্বাধীনে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ যুৱক দুজনক মৃত্যদণ্ডৰে দণ্ডিত কৰিছে (Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ।

আলফা(স্বা)য়ে দুই যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে মুখ্যমন্ত্রীয়ে ?

এই সন্দৰ্ভত আলফা স্বাধীনে বিবৃত্তি প্ৰকাশ কৰাৰ লগতে যুৱকদ্বয়ৰ ভিডিঅ' বাৰ্তাও ৰাজহুৱা কৰিছে । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে আলফাই দিয়া বিবৃত্তিটো যদি সঁচা হয় তেন্তে এইটো অত্যন্ত দুখজনক । আলফালৈ যোৱা যুৱক-যুৱতীসকলৰ ভৱিষ্যত কি হ'বগৈ কোনেও নাজানে বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰে (CM on future of youth in ULFA I) ।

তেওঁ লগতে আলফাৰ লগতে ৰাইজকো অনুৰোধ জনাই কয়, "অসমে এতিয়া শান্তি-প্ৰগতি বিচাৰিছে । বিকাশৰ পথত অসম আগুৱাই যাব বিচাৰে । অসমত বহু দিনৰ পৰা চলি অহা তেজৰ ফাকু বন্ধ হ'ব লাগে ।"

লগতে পঢ়ক :সোৱণশিৰি নদীবান্ধ: কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ ভয়াৱহ প্ৰতিবেদন

ABOUT THE AUTHOR

...view details